লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হাতত মাত্ৰ ২ ৰানত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ।(Riyan Parag) জয়ৰ মুখৰ পৰা পৰাস্ত আৰ আৰ। ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগে এই পৰাজয়ৰ দায়িত্ব ল’লে। শেষৰ ৬টা বলত ৯ ৰানৰ প্ৰয়োজন হৈছিল।
লক্ষ্ণৌৰ বিৰুদ্ধে বিয়ান পৰাগে অধিনায়ক হৈছিল কাৰণ আঘাতৰ বাবে সঞ্জু চেমছন বাহিৰ হৈছিল। ১৮১ ৰান খেদি খেদি এনে লাগিছিল যেন ৰাজস্থানে হাঁহি হাঁহি জয়ী হ’ব। ৰিয়ান পৰাগে ২৬টা বলত ৩৯ ৰান সংগ্ৰহ কৰে। তেওঁ তিনিটা চাৰি আৰু দুটা ছয় মাৰিলে। কিন্তু ১৮ নং অভাৰত অধিনায়কজন আউট হৈছিল। পৰাগ আউট হোৱাৰ লগে লগে ৰাজস্থানৰ বেটিঙে ধাৰা হেৰুৱাই পেলায়।
খেলৰ অন্তত পৰাগে কয়, “এই আৱেগক নিয়ন্ত্ৰণ কৰাটো কঠিন। মই নাজানো মই কি ভুল কৰিলোঁ। আমি ১৮-১৯ অভাৰলৈকে খেলখন নিয়ন্ত্ৰণত আছিলোঁ। তাৰ পিছতো আমি কিয় হেৰুৱালোঁ সেয়া বুজি নাপাওঁ। এই পৰাজয়ৰ বাবে মই দায়ী। ১৯ অভাৰৰ ভিতৰতে খেলখন শেষ কৰিব লাগিছিল।লক্ষ্ণৌ চুপাৰ জায়াণ্টৰ বিৰুদ্ধে পৰাজয়ৰ দোষ অধিনায়ক হিচাপে মই লৈছোঁ”
চলিত আই পি এলত একেৰাহে চাৰিখন খেলত পৰাস্ত হৈছে ৰাজস্থান। ৮খন খেলৰ পৰা ৪ পইণ্ট লাভ কৰি অষ্টম স্থানত আছে। প্লে অফত প্ৰৱেশৰ সম্ভাৱনা প্ৰায় শেষ হৈ গৈছে। আনহাতে, ৮খন খেলৰ পৰা ১০ পইণ্ট লাভ কৰি চতুৰ্থ স্থানত আছে লক্ষ্ণৌ। ইয়াৰ ওপৰত থকা গুজৰাট, দিল্লী আৰু পঞ্জাৱতো ১০ পইণ্ট আছে।