RJ Mahvash: কোন এই মেহৱাশ, সঁচাকৈয়ে মেহৱাশৰ প্ৰেমত পৰিছে নেকি চাহাল ?

ধনশ্ৰীৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত আলিগড়ৰ কন্যাৰ সৈতে সম্পৰ্কৰ উৰাবাতৰি! সঁচাকৈয়ে মেহৱাশৰ প্ৰেমত পৰিছে নেকি চাহাল ?(RJ Mahvash)

ভাৰত-নিউজিলেণ্ড চেম্পিয়নছ ট্ৰফীৰ অন্তিমখন খেলৰ সময়ত ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালে নেট ইনফ্লুৱেন্সাৰ আৰ জে মেহৱাশৰ সৈতে সময় কটোৱা দেখা গৈছিল। ইয়াৰ পিছত তেওঁলোকে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী ভাৰ্মাৰ বিবাহ বিচ্ছেদ হয়। যোৱা মাহত মুম্বাইৰ বান্দ্ৰা পৰিয়াল আদালতত হাজিৰ হ’বলৈ কোৱা হৈছিল চাহল-ধনশ্ৰীক। তাতেই তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল।

যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বিচ্ছেদ হোৱা প্ৰায় তিনি সপ্তাহ পাৰ হৈ গ’ল। অৱশ্যে এইবাৰ তেওঁৰ নামটো নতুন নাৰীৰ লগত জড়িত হৈ পৰিছে। দেওবাৰে ডুবাইত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ড চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচত মহিলাগৰাকীৰ সৈতে যুজবেন্দ্ৰৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে জল্পনা-কল্পনা অব্যাহত অনুৰাগীৰ।

অৱশ্যে ইয়াৰ পূৰ্বেও তেওঁলোকক একেলগে দেখা পোৱা গৈছিল। যোৱা বছৰৰ ডিচেম্বৰ মাহত মেহৱাশে যুজবেন্দ্ৰৰ সৈতে নিজৰ এখন ছবি শ্বেয়াৰ কৰিছিল। তেতিয়াও তেওঁলোকৰ সম্পৰ্কৰ উৰাবাতৰি আৰম্ভ হৈছিল। মেহৱাশৰ সৈতে যুজবেন্দ্ৰৰ উপস্থিতিয়ে ক্ৰিকেট অনুৰাগীৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে। ইণ্টাৰনেটতো তেওঁলোকৰ সম্পৰ্কৰ কথা আৰম্ভ হৈছে। প্ৰশ্ন উত্থাপন হয়, ভাৰতীয় স্পিনাৰগৰাকীয়ে ধনশ্ৰীৰ সৈতে সম্পৰ্ক শেষ কৰি নতুন সম্পৰ্কৰ কথা ভাবিবলৈ আৰম্ভ কৰিছেনে?


কিন্তু এইজন আৰ জে মেহৱাশ কোন? মেহৱাশ এজন জনপ্ৰিয় ইউটিউবাৰ। ধেমেলীয়া ভিডিঅ’ বনাই আৰু নেট জগতত তেওঁ বহুত জনপ্ৰিয়।

আলিগড়ত জন্মগ্ৰহণ কৰিছিল মেহৱাশে। উত্তৰ প্ৰদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।


ইউটিউবাৰ আৰু নেটিজেন হোৱাৰ উপৰিও মেহৱাশ এগৰাকী জনপ্ৰিয় ৰেডিঅ’ জকী। তেওঁ এটা জনপ্ৰিয় এফ এম চেনেলত জকী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।


ইউটিউবতো বিষয়ত ভিডিঅ’ বনাই ইয়াৰ উপৰিও মেহৱাশে ভিডিঅ’ৰ জৰিয়তে নাৰী শক্তি আৰু স্বাধীনতাক প্ৰচাৰ কৰাও দেখা যায়।

বহু খবৰ অনুসৰি মেহৱাশ কন্টেন্ট ক্ৰিয়েটৰ হিচাপে জনপ্ৰিয় হোৱাৰ পিছত জনপ্ৰিয় আৰু বিতৰ্কিত ৰিয়েলিটি শ্ব’ বিগ বছত যোগদান কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। আনকি তেওঁ বলীউডত অভিনয় কৰাৰ প্ৰস্তাৱো লাভ কৰিছিল। কিন্তু তেওঁ দুয়োটা প্ৰস্তাৱ নাকচ কৰা বুলি জানিব পৰা গৈছে।

এইবাৰ সেই তেওঁৰ নাম যুজবেন্দ্ৰৰ নাম জড়িত হৈ পৰিছে। অৱশ্যে তেওঁলোকৰ মাজত সম্পৰ্ক থকা বুলি জল্পনা-কল্পনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মেহৱাশে। তেওঁ স্পষ্ট কৈ কয় যে ‘ভুৱা বাতৰি’ প্ৰচাৰ নকৰিব।

Related Articles