Breaking

ভূৰাগাঁও চাৰিআলিত পথ দূৰ্ঘটনা। ই-ৰিক্সাৰ খুন্দাত থিতাতে মৃত্যু এগৰাকী পথচাৰীৰ…

0 60

ভূৰাগাঁও চাৰিআলিত পথ দূৰ্ঘটনা। ই-ৰিক্সাৰ খুন্দাত থিতাতে মৃত্যু এগৰাকী পথচাৰীৰ। মৃত লোকজন মলহু চাপৰিৰ বক্কৰ আলী বুলি জানিব পৰা গৈছে।

দূৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ই-ৰিক্সাৰ চালকে। ইতিমধ্যে ভূৰাগাঁও আৰক্ষীয়ে ঘটনা তদন্ত আৰম্ভ কৰিছে যদিও পলাতক অৱস্থাত আছে চালকজন।

উল্লেখ্য যে বিগত কিছুদিন ধৰি অঞ্চলটোত বৃদ্ধি পাইছে অনুজ্ঞাপত্ৰ বিহীন চালক আৰু পঞ্জীয়ন বিহীন ই-ৰিক্সাৰ দৌৰাত্ম। ই-ৰিক্সাৰ দৌৰাত্মই ভাবুকি কঢ়িয়াই আনিছে জনজীৱনলৈ।


লাহৰীঘাটৰ পৰা খাইৰুল ইছলাম

Leave A Reply