Breaking

ৰঙিয়াত পথ দুৰ্ঘটনা,নিহত যুৱক

0 2,057

ৰঙিয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানা চ’কত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । গুৱাহাটী অভিমুখিদ্ৰুত বেগী ট‌্ৰেইলাৰ এখনে মহতীয়াই নিয়ে বাজাজ পালচাৰ মটৰ চাইকেল লৈ অহা এগৰাকী স্থানীয় যুৱকক । থিতাতে নিহত হয় যুৱকজন, নিহত যুৱকজন উদিয়ানা গাৱৰে চাইদুল ৰহমান (৩०) বুলি জানিব পৰা গৈছে । ইফালে দূৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰেইলাৰখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পিছত ৰঙিয়া আৰক্ষীয়ে আহি মৃতদেহ থানালৈ নি মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যলয়লৈ প্ৰেৰণ কৰে । এই ঘটনাই অঞ্চলটোত যথেষ্ট শোকৰ চাঁ পেলাইছে ।

Leave A Reply