Breaking

জামুগুৰিহাটৰ চেচাসত্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা, গুৰুতৰভাৱে আহত এক

0 2,025

জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চেচাসত্ৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া সংঘটিত হয় এক পথ দুঘটনা । প্ৰাপ্ত তথ্য মতে তেজপুৰ দিশৰ পৰা লক্ষীমপুৰ অভিমুখে  গৈ থকা AS-01-KC-8852 নম্বৰৰ এখন মালবাহী ট্ৰাকে একেটা দিশেৰেই  গৈ থকা AS-12-Z-5794 নম্বৰৰ এখন পালছাৰ  বাইকত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত বাইক আৰোহী কল্পজোতি কলিতা(২২) নামৰ যুৱক জন গুৰুত্বৰ ভাবে আঘাত প্ৰাপ্ত হয় ৷

ইফালে দূৰ্ঘঘনাটো সংঘটিত কৰা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটি বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পিছতেই ট্ৰাকখনৰ চালকজন পলাবলৈ বিচাৰিছিল যদিও স্থানীয় ৰাইজ তথা জামুগুৰি আৰক্ষীৰ তৎপৰতাত চালকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

অন্যহাতে গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত যুৱকজনক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Leave A Reply