Breaking

মুকালমুৱাত ভয়াবহ পথ দুৰ্ঘটনা:তিনিজনৰ অৱস্থা অতি সংকটজনক

0 530

মুকালমুৱাত ভয়াবহ পথ দুৰ্ঘটনা ৷
হাজো-দৌলাশাল গড়কপ্তানি পথৰ দমদমা পথাৰত ট্ৰাক আৰু মালবাহী মেজিকৰ মুখামুখি সংঘৰ্ষ ৷
ভয়াবহ পথ দুৰ্ঘটনাটোৰ ফলত মালবাহী মেজিকখনত থকা তিনিজনৰ অৱস্থা অতি সংকটজনক ৷
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে কেওজনকে স্থানীয় লোকে উদ্ধাৰ কৰি ততাতয়াকৈ মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷
দুৰ্ঘটনাগ্ৰস্ত মেজিকখনৰ পৰা চালকসহ তিনিওজনক টানি টানি উলিয়াই স্থানীয় লোকে ৷
দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সতে যুঁজি থকা সকল ক্ৰমে আলাউদ্দিন (22) ,দুৰ্জন খান (25) আৰু চাদ্দাম আলী (25) ৷
কেওজনৰে ঘৰ বৰপেটা জিলাত বুলি জানিব পৰা গৈছে ৷
দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ AS01KC3594 অন্যহাতে সামগ্ৰী কঢ়িওৱা মেজিকখনৰ নম্বৰ AS15AC1272 ৷
ঘটনাস্থলীত দৌলাশাল আৰক্ষী উপস্থিত হৈছে

Leave A Reply