Breaking

হোজাইত ভোটাৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন

0 2,364

আগন্তক লোকসভা নিৰ্বাচনৰ মাজত আৰু এটা বছৰ বাকী থকা সময়ত ভোটাৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাতো বিভিন্ন পদক্ষেপ গ্কহণ কৰিছে জিলা প্ৰশাসনে ৷ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা উদ্দ্যেশ্যৰে হোজাই জিলা প্ৰশাসনে বিভিন্ন ধৰনে অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে হোজাই উপায়ুক্ত অনুপম চৌধুৰীৰ নিৰ্দেশ মৰ্মে জিলাখনৰ তিনিটা সমষ্টি ক্ৰমে – ৯০ নং যমুনামুখ বিধানসভা সমষ্টি, ৯১ নং হোজাই সমষ্টি আৰু ৯২ নং লামডিং সমষ্টিৰ ভোটাৰ ৰাইজৰ মাজত সজাগতা অনাৰ উদ্যেশ্যে গীত, মাত আৰু বাটৰ নাটেৰে প্ৰয়াস অব্যাহত ৰাখিছে ৷ এই বাটৰ নাট, পথ সভা আদিৰ তদাৰক কৰিছে নিৰ্বাচনী বিষয়া জাংমিৰ ৰংফাৰ্ফিয়ে ৷ জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত প্ৰশাসনে জিলাখনৰ বিভিন্ন স্থানত বাটৰ নাট, সজাগতা সভা আদি অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ জৰিয়তে ৰাইজক নিৰ্ধাৰিত সময়ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, কিধৰে স্থানান্তৰ কৰা আদি বিষয়বোৰ বাটৰ নাটৰ জৰিয়তে ৰাইজক উপস্থাপন কৰিছে ৷ আজি দুপৰীয়া যমুনামুখৰ ডবকা চহৰৰ লগতে নীলবাগান তিনি আলিত কাকীৰ পৰা অহা এদল শিল্পিয়ে গীত মাত আৰু বাটৰ নাট পৰিৱেশন কৰে ৷ ইয়াৰ পাছত হোজাই চহৰৰ দুখন ঠাইত বাটৰ নাট পৰিৱেশন কৰে ৷ উল্লেখ্য যে, যমুনামুখ সমষ্টিত বাটৰ নাট পৰিচালনাত সহযোগ হোজাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ দ্বাৰা গঠিত কমিটি SVEEP ৰ সদস্য কফিল উদ্দিন বৰভুঞাই ৷ আনহাতে, হোজাই সমষ্টিত SVEEP ৰ সদস্য কিশলয় দেৱগোস্বামী আৰু লামডিং সমষ্টিত SVEEP মানস প্ৰতিম তামুলি ফুকনে ৷

Leave A Reply