Breaking

পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে ৰাইজক : নৱ নিৰ্মিত ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথ শীঘ্ৰে নিৰ্মাণৰ দাবীত এজেৱাইচিপিৰ অভিনৱ প্ৰতিবাদ

0 1,356

 চৰাইদেউৰ সাপেখাতীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাপেখাতী আঞ্চলিক সমিতিয়ে নৱ নিৰ্মিত ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰী সংস্থা গৌতম কনচট্ৰাকচনৰ বিৰুদ্ধে শনিবাৰে সাপেখাতীৰ মাজমজিয়াত অভিনৱ প্ৰতিবাদেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সাপেখাতীৰ মাজমজিয়াত গৌতম কনচট্ৰাকচনৰ উৰনীয়া সেতুৰ কাম আৰম্ভ কৰাৰ ফলত দুয়োকাষে পথাচাৰী সকলৰ যাতায়তৰ সুবিধাৰ্থে দুটাকৈ উপপথ নিৰ্মাণ কৰি দিয়ে  যদিও দুয়োটা পথ বৰ্তমানেও কনচট্ৰাকচনটোৱে পথাচাৰী সকলৰ যাতায়তৰ বাৱে সূচল কৰি  নিদিয়াত  যাতায়তত যমৰ যাতনা ভূগিছে পথাছাৰীসকলে ৷ উক্ত উপ পথ দুটা অতি শীঘ্ৰেই যাতায়তৰ বাৱে সূচল কৰি তোলাৰ দাবীত এজেৱাইচিপিৰ লগতে স্থানীয় ব্যৱসায়ীসকলে  প্ৰতিবাদ  সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে হাতত বৰতাল লৈ বৰতাল বজোৱাৰ উপৰিও ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই  শেৱালি জাল মাৰি প্ৰতিবাদ কৰে ৷ প্ৰতিবাদকাৰীসকলে কনচট্ৰাকচনটোৰ লগতে জিলা প্ৰশাসন বিৰুদ্ধে বিভিন্ন শ্ল’গান দি  পৰিৱেশ উত্তাল কৰি তোলাৰ  লগতে অতি শীঘ্ৰেই উপ পথ দুটা নিৰ্মাণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ।

Leave A Reply