Breaking

কাৰ্বি আংলং জিলাৰ লাংহিনৰ সাংবাদিক ৰবিন বৰুৱালৈ ‘ ‘আপকুৰ শ্ৰেষ্ঠ সংগঠক বঁটা…

0 50

কাৰ্বি আংলং জিলাৰ লাংহিনৰ সাংবাদিক ৰবিন বৰুৱালৈ ‘ ‘আপকুৰ শ্ৰেষ্ঠ সংগঠক বটা-2023 ‘

অসমৰ সংবাদ ক্ষেত্ৰখনত মফচলীয়া সাংবাদিক তথা সংবাদকৰ্মী সকলৰ সুৰক্ষাৰ লগতে সংবাদ মাধ্যমৰ মৰ্যাদা অটুট ৰখাৰ স্বাৰ্থত 1993 চনৰ 30 এপ্ৰিলত প্ৰতিষ্ঠা লাভ কৰে চৰকাৰী পঞ্জীয়নভূক্ত সাংবাদিক সংগঠন ‘ আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন ‘ চমুকৈ ‘ আপকু’ ৰ ষষ্ঠদশ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনখন বিশ্বনাথ জিলাৰ গহপুৰ মহকুমা সমিতিৰ আতিথ্যত আৰু গহপুৰবাসী ৰাইজৰ সহযোগত শ্বহীদ নগৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ Dr . ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অহা 9 আৰু 10 ডিচেম্বৰত, 2023 তাৰিখ শনি আৰু দেওবাৰে অনুষ্ঠিত কৰাৰ বাবে দিহা কৰা হৈছে।

এই অধিৱেশনৰ মুকলি সভাত ‘ আপকুৰ ফালৰ পৰা ঘোষণা কৰা 9 টাকৈ বটা প্ৰদান কৰা হ’ব। প্ৰথমটো বঁটা -আপকুৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়া সোঁৱৰণি আপকু জীৱনজোৰা সাধনা বঁটা-2023 বঁটাটো প্ৰদান কৰিব ডিব্ৰুগড়ৰ মনোজ সিংক। দ্বিতীয়টো বঁটা আপকুৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰধান প্ৰয়াত ভৱেশ বৰুৱা সোঁৱৰণি আপকু জীৱনজোৰা সাধনা বঁটা-2023 বটাটো প্ৰদান কৰিব শিৱসাগৰৰ পদুম কুমাৰ শইকীয়াক। তৃতীয়টো বঁটা আপকু সদস্য মহীয়ান বটাঁ-2023 বঁটাটো প্ৰদান কৰিব গোলাঘাট ধনশিৰীৰ হেমন্ত মহন্তক।

চতুৰ্থটো বঁটা আপকু সদস্য মহীয়ান বঁটা -2023 বঁটাটো প্ৰদান কৰিব কামৰূপ জিলাৰ নগৰবেৰাৰ মঃ আব্দুল কালাম আজাদক প্ৰদান কৰিব। পঞ্চমটো বঁটা শ্বহীদ সাংবাদিক পবিত্ৰ নাৰায়ণ সঁ সোঁৱৰণি বটাঁ-2023 প্ৰদান কৰিব গোলাঘাটৰ ভৱানন্দ কলিতাক। ষষ্ঠটো বঁটা আপকুৰ শ্ৰেষ্ঠ সংগঠক বঁটা 2023 প্ৰদান কৰিব কামৰূপ মেট্ৰ’ৰ ৰতন কলিতাক। সপ্তমটো বঁটা আপকুৰ শ্ৰেষ্ঠ সংগঠক বটাঁ-2023 প্ৰদান কৰিব আপকুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক, আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উপদেষ্টা , ছ’লাংদু পেপাৰ আৰু Axom Today ৰ কাৰ্বি আংলং জিলাৰ লাংহিনৰ সাংবাদিক ৰবিন বৰুৱাক। অষ্টমটো বঁটা আপকুৰ শ্ৰেষ্ঠ জিলা সমিতিৰ বটা 2023 প্ৰদান কৰিব আপকুৰ তিনিচুকীয়া জিলা সমিতিক আৰু নৱমটো বঁটা আপকুৰ শ্ৰেষ্ঠ জিলা সমিতি বটা 2023 প্ৰদান কৰিব আপকু শোণিতপুৰ জিলা সমিতিক।

Leave A Reply