Breaking

বিটিচিৰ চীফ হিচাপে শপত গ্ৰহণ কৰিলে প্ৰমোদ বড়োৱে

0 1,555

হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া ৰাজত্বৰ অৱসান ঘটাই বিটিচিত নতুন পৰিষদৰ জৰিয়তে সকলো ৰাইজৰ সৰ্বাংগীন বিকাশ আৰু শান্তিৰ বাবে দৃঢ় প্ৰতিজ্ঞ বুলি ঘোষণা কৰি কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ প্ৰবল হৰ্ষোল্লাসৰ মাজত চতুৰ্থ বিটিচিৰ নতুন চীফ হিচাপে বড়ো ভাষাত শপত গ্ৰহণ কৰে বড়ো সমাজৰ ‘ব্লু আইড বয়’ প্ৰমোদ বড়োৱে । শপত গ্ৰহণৰ পূৰ্বে পুৱাতেই প্ৰমোদ বড়োৱে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে গোবিন্দ বসুমতাৰীয়ে অসমীয়াত শপতগ্ৰহণ কৰে । আজি প্ৰমোদ বড়োসহ পাঁচজনে শপত গ্ৰহণ কৰে। মুখ্য সচিব জিষ্ণু বৰুৱাই পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰালে। বিজেপিৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিলে গৌতম দাসে। গণ সুৰক্ষা পাৰ্টিৰ MCLA হিচাপে নিৰ্বাচিত হৈ EM পদত অধিষ্ঠিত হ’ল ঘনশ্যাম দাস।

শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি আটাইকেইটা দলৰ নেতৃত্বৰ লগতে সন্মিলিত পৰিষদৰ সকলো নিৰ্বাচিত পাৰিষদৰ উপস্থিত থাকে।

Leave A Reply