Breaking

ৰোনাল্ডোৱে নাজানে বিৰাট কোহলী কোন…

0 38

এটা ভিডিঅ’ত ইউটিউবাৰ স্পীডে ব্ৰাজিলৰ মহান ফুটবলাৰ ৰোনাল্ডোক বিৰাট কোহলীৰ বিষয়ে প্ৰশ্ন কৰা দেখা গৈছে। এই কথা পোহৰলৈ আহে ইউটিউবাৰ স্পীডৰ ৰোনাল্ডোৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত। ইয়াত যেতিয়া স্পীডে ৰোনাল্ডোক বিৰাট কোহলীৰ বিষয়ে সুধিছিল, তেতিয়া তেওঁ কৈছিল যে তেওঁ এই নামৰ বিষয়ে নাজানে। অৱশ্যে স্পীডে যেতিয়া বিৰাট কোহলীৰ ছবি দেখুৱাইছিল তেতিয়া ৰোনাল্ডোৱে কিং কোহলীক চিনি পাইছিল। স্পীড এজন বিখ্যাত ইউটিউবাৰ। তেওঁৰ সম্পূৰ্ণ নাম ডেৰেন জেছন ৱাটকিন্স জুনিয়ৰ যদিও ছ’চিয়েল মিডিয়াত তেওঁ ‘স্পীড’ নামেৰে বিখ্যাত। ২০২৩ চনৰ বিশ্বকাপৰ সময়তো তেওঁ ভাৰতলৈ আহিছিল। তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ডাঙৰ ডাঙৰ ব্যক্তিত্বক লগ পাই আহিছে। শেহতীয়াকৈ ব্ৰাজিলৰ প্ৰাক্তন ফুটবলাৰ ৰোনাল্ডোক লগ পোৱাৰ সময়ত তেওঁৰ বহু আমোদজনক কথা-বতৰা হৈছিল। এই সময়ছোৱাত তেওঁ ৰোনাল্ডোক বিৰাটৰ বিষয়ে সুধিছিল।

স্পীডে সুধিলে- বিৰাট কোহলীক চিনি পায় নেকি? এই বিষয়ে ৰোনাল্ডোৱে ক’লে- কোন? তেতিয়া স্পীডে ক’লে- বিৰাট কোহলী এজন ভাৰতীয়। এই সন্দৰ্ভত ৰোনাল্ডোৱে ক’লে- নাই। ইয়াত স্পীডে আচৰিত হৈ সুধিলে যে আপুনি সঁচাকৈয়ে কোহলীক চিনি নাপায় নেকি? এই বিষয়ে ৰোনাল্ডোৱে আচৰিত হৈ স্পীডক সুধিলে, সেইটো কি? এজন খেলুৱৈ? স্পীডে উত্তৰ দিলে- তেওঁ এজন ক্ৰিকেটাৰ। তেতিয়া ৰোনাল্ডোৱে ক’লে- ইয়াত ক্ৰিকেট ইমান জনপ্ৰিয় নহয়। ইয়াৰ পিছত স্পীডে নিজৰ মোবাইলত বিৰাটৰ ছবিখন দেখুৱালে। তাৰ পিছত ৰোনাল্ডোৱে হয় বুলি উত্তৰ দিলে। অৰ্থাৎ ৰোনাল্ডোৱে বিৰাটৰ ছবি সংবাদ মাধ্যমত দেখিছে যদিও তেওঁৰ বিষয়ে তেওঁ নাজানিছিল।

ৰোনাল্ডোৱে ১৯৯৪ চনৰ পৰা ২০১১ চনলৈকে ব্ৰাজিলৰ হৈ ফুটবল খেলিছিল। এই সময়ছোৱাত তেওঁ ৯৮খন মেচত ৬২টা গ’ল দিয়ে। ব্ৰাজিলৰ বিশ্বকাপ বিজয়ী দলৰ সদস্যও। তিনিবাৰকৈ ‘ফিফা প্লেয়াৰ অৱ দ্য ইয়েৰ’ৰ সন্মানো লাভ কৰে। ফুটবল জগতৰ মহান খেলুৱৈৰ ভিতৰত তেওঁক গণ্য কৰা হয়। বাৰ্চিলোনা, ৰিয়েল মাদ্রিদ আৰু ইণ্টাৰ মিলানৰ দৰে ডাঙৰ দলৰ সৈতে ক্লাব ফুটবলত দীৰ্ঘদিন ধৰি খেলি আহিছে।


Leave A Reply