সোমবাৰে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ সামৰণী তথা বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ৰনোজ পেগু।

“বাংলাদেশৰ মুঠ ১১টা প্ৰকাশক প্ৰতিষ্ঠানৰ লগতে দেশৰ আগশাৰীৰ প্ৰকাশক সংস্থা হাৰ্পাৰ কলিন্স, নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, কলকাতাৰ কেইবাটাও প্ৰকাশক গোষ্ঠীৰ অংশগ্হনেৰে অসম গ্ৰন্থমেলাৰ গুৱাহাটী সংস্কৰণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত হৈছে। ৫.৫০ কোটিৰো অধিক গ্ৰন্থৰ ব্যৱসায় হোৱা অসম গ্ৰন্থমেলাই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰচেষ্টা সাৰ্থক কৰিছে। গ্ৰন্থ আন্দোলনৰ এই জয়যাত্ৰাই ৰাজ্যজুৰি অব্যাহত থকাৰ শুভকামনা কৰিছোঁ“-ৰনোজ পেগু।
আজিৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল সন্মানীয় শ্ৰীযুত ৰঞ্জিত শেখৰ মুছাহাৰী, বাংলাদেশৰ মাননীয় উপ উচ্চায়ুক্ত ৰুহুল আমিন, বিশিষ্ট বিজ্ঞানী তথা লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামী, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ শ্ৰীযুত সুমন্ত চলিহা,

অসম প্ৰকাশন পৰিষদৰ সচিব শ্ৰীযুত প্ৰমোদ কলিতা আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সভাপতি শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়াৰ লগতে আন বিশিষ্ট ব্যক্তিসকল।