Breaking

কমলপুৰত ৰ’য়েল কাৰাটে একাডেমীয়ে বৰ্ষপূৰ্তি পালন …

0 70

কমলপুৰত বৃহস্পতিবাৰে ৰ’য়েল কাৰাটে একাডেমীয়ে বৰ্ষপূৰ্তি পালন কৰে। একাডেমীৰ প্ৰশিক্ষক ইমদাদ আহমেদে প্ৰশিক্ষাৰ্থী আৰু অভিভাৱক সকলৰ উপস্থিতিত কেক কাটি পালন কৰে এবছৰীয়া বৰ্ণিল যাত্ৰা।

কমলপুৰৰ সভাকক্ষত অনুস্থিত হোৱা একাডেমীখনৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে নৃত্য, গীত ,কবিতাৰ লগতে আত্ম ৰক্ষাৰ কাৰিকৰি কৌশল প্ৰদৰ্শন কৰে। যোৱাবাৰ অনুস্থিত অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত ৰয়েল একাডেমীৰ ব্ৰঞ্জ পদক লাভ কৰা আলিয়া শ‌ইকীয়াক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।

সভাপতি নজৰুল ইছলামে তেওঁৰ আদৰণি ভাষণত বহুতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আৰু ৰয়েল কাৰাটে একাডেমীৰ দীৰ্ঘায়ু কামনা কৰে।অনুষ্ঠানত উপসভাপতি পৰেশ চৌধুৰী আৰু কাৰ্য্যকৰী সভাপতি নুৰুল ইছলাম উপস্থিত থাকে।

Leave A Reply