Breaking

কেমোথেৰাপি চলাৰ সময়তো কাম কৰিব কেঞ্চাৰত আক্ৰান্ত মডেল–অভিনেত্ৰী ৰোজলিনে।

0 38

তেওঁ কয়, ‘প্ৰত্যেকটো বিপদে মোক আৰু সাহসী কৰি তোলে। এই সময়ো পাৰ হৈ যাব। বহু মানুহে মোৰ বাবে প্ৰাৰ্থনা কৰিছে। যি হয় ভালৰ বাবেই হয়।’

কেঞ্চাৰত আক্ৰান্ত মডেল ৰোজলিন খান। এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে নিজৰ অসুস্থতাৰ কথা জনাইছে তেওঁ। বৰ্তমান চিকিৎসাৰ বাবে মুম্বাইৰ এখন হাস্পতালত ভৰ্তি হৈ আছে ৰোজলিন। আগন্তুক সাত মাহ ধৰি চলিব তেওঁৰ কেমোথেৰাপি।

হাস্পতালৰ বিছনাত শুই এখন ফটো পোষ্ট কৰিছে ৰোজলিনে। তেওঁ লিখিছে, ‘ঈশ্বৰে আটাইতকৈ সাহসী সৈনিকসকলক যুদ্ধত যুঁজিবলৈ দিয়ে। হয়তো এয়া মোৰ জীৱনৰ এক অধ্যায়। মনত বিশ্বাস আৰু আশা আছে।’

সাহস হেৰুৱাব নিবিচাৰে ৰোজলিনে। তেওঁ কয়, ‘প্ৰত্যেকটো বিপদে মোক আৰু সাহসী কৰি তোলে। এই সময়ো পাৰ হৈ যাব। বহু মানুহে মোৰ বাবে প্ৰাৰ্থনা কৰিছে। যি হয় ভালৰ বাবেই হয়।’

ৰোজলিনে জনায়, তেওঁৰ ডিঙি আৰু পিঠিচ প্ৰচণ্ড বিষ আৰম্ভ হয়। তেওঁ ভাবিছিল, জিমনাষ্টিকৰ বাবে এই বিষ। কিন্তু পৰীক্ষা কৰোতে ধৰা পৰে কেঞ্চাৰ। কিন্তু কাম কৰিবলৈ নেৰে ৰোজলিনে। এই পোষ্টতো এই কথা স্পষ্ট কৰি দিছে অভিনেত্ৰীগৰাকীয়ে।

Leave A Reply