Breaking

IPLৰ আজি ৱাংখেড়ে ষ্টেডিয়ামত আৰ আৰৰ প্ৰতিদ্বন্দ্বী মুম্বাই ইণ্ডিয়ানছ, তিনি বছৰ পূৰ্বে অসম সন্তানে খেলা বিস্ফোৰক ইনিংছ সোঁৱৰণ কৰিলে কিবি পেচাৰে…

0 30

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ-২০২৪ৰ আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগা মেচত ৰাজস্থান ৰয়েলছে ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব৷ এয়া ৰাজস্থান ৰয়েলছৰ চলিত ছিজনৰ প্ৰথমখন বিপক্ষৰ ঘৰত খেলিব লগা মেচ৷ উল্লেখ্য যে আই পি এলৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে গৃহভূমি জয়পুৰত ছিজনৰ প্ৰথম দুখন মেচ খেলি উভয় মেচতে জয়ৰে প্ৰত্যাশিত আৰম্ভনি কৰিছে৷ বিপক্ষৰ ঘৰত খেলিলেও দলে সফলতাৰ ধাৰাবাহিকতা ধৰি ৰাখি জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সাজু৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছক প্ৰথম দুখন মেচত সফলতা দিয়াত মুখ্য ভূমিকা লৈছে দলৰ মিডিল অৰ্ডাৰ বেটাৰ অসম সন্তান ৰিয়ান পৰাগে৷ কাইলৈৰ মেচতো স্বাভাৱিকতে ৰিয়ানৰ বেটিঙৰ ওপৰত ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শন নিৰ্ভৰ কৰিব৷ কেবল এখন-দুখন মেচে নহয় এইবাৰ ৰাজস্থানৰ সামগ্ৰীক প্ৰদৰ্শনত অসম সন্তানৰ অৱদান গুৰুত্বপূৰ্ণ হ’ব বুলি আজি সংবাদমেলত ব্যক্ত কৰে দলটোৰ পেচ বলাৰ নিউজিলেণ্ডৰ অভিজ্ঞ ট্ৰেণ্ট বৌল্টে৷

‘ৰিয়ান এজন সুদক্ষ প্ৰতিভাৱান ক্ৰিকেটাৰ৷ তেওঁৰ বেটিং সচাকৈয়ে উপভোগ্য৷ তিনি বছৰ আগৰ কথা, তেতিয়া মই মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিলো৷ এখন অনুশীলন মেচত ৰিয়ানে আমাৰ দলটোৰ বিৰুদ্ধে ৩০ টা বলত ৮৫ ৰাণ কৰিছিল৷ তেতিয়াই তেওঁৰ প্ৰতিভাৰ উমান পাইছিলো৷ এইবাৰ তেওঁ সুন্দৰ আৰম্ভনি কৰিছে৷ মই ভাবো ৰাজস্থান দলৰ সফলতাত ৰিয়ানৰ অবদান গুৰুত্বপূৰ্ণ হ’ব৷’ বৌল্টে কয়৷ উল্লেখ্য যে ২২ বছৰীয়া অসম গৌৰৱ ৰিয়ান পৰাগে যোৱা মেচত অপৰাজিত ৮৪ [৪৫ বল] ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক চলিত আই পি এলত ছিজনৰ দ্বিতীয়খন মেচত ক্ৰমাগত বিজয় কৰোৱাত নায়কৰ ভূমিকা লৈছিল৷ সুদক্ষ অল ৰাউণ্ডাৰগৰাকীয়ে ইয়াৰপূৰ্বে জয়পুৰৰ সবাই মনাসিং ষ্টেডিয়ানত ছিজনৰ প্ৰথমখন মেচতো ৪৩ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক জয়ৰে অভিযান আৰম্ভ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷

ইফালে, দলৰ দুই অপেনাৰ জ’ছ বাটলাৰ আৰু যশস্বী জয়ছোৱালৰ বেটিঙক লৈ প্ৰশ্ন কৰাত বৌল্টে কয় যে দূয়োজনে সুদক্ষ বেটাৰ তথা ৰাণৰ বাবে ভোকাতুৰ৷ কাইলৈ ৱেংখেড়েৰ বেটিং সহায়ক উইকেটত উভয়ে ৰাজস্থানক সুন্দৰ আৰম্ভনি দিব বুলি তেওঁ আশাবাদী৷

Leave A Reply