Breaking

ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…

0 23

ইডিয়ে সোমবাৰৰ পৰা চলোৱা অভিযানত ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ ঘৰুৱা বন কৰা লোকৰ ঘৰত এতিয়ালৈকে উদ্ধাৰ হৈছে নগদ ৩২ কোটি টকা৷ ইডিৰ বিষয়াসকলে কালিৰে পৰা টকা গণনা কৰা যন্ত্ৰত ধন গণিয়েই আছে৷ কেৱল টকা উদ্ধাৰ কৰাই নহয় ইডিয়ে এই ক্ষেত্ৰত ব্যৱস্থাও গ্ৰহণ কৰিছে। কংগ্ৰেছ নেতা তথা ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালক মঙলবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হৈছে৷

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত ঝাৰখণ্ডৰ উক্ত মন্ত্ৰী জনৰ সচিবৰ এজন লগুৱাৰ বাসগৃহত অভিযান চলাই প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) কালিৰে পৰা এতিয়ালৈকে ৩২ কোটি টকা জব্দ কৰিছে। ইডিৰ বিষয়াসকলে সোমবাৰে পুৱাৰে পৰা ৰাঁচীৰ বিভিন্ন স্থানত অভিযান আৰম্ভ চলাই আছে। ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ এজন লগুৱাৰ ঘৰতো তালাচী চলোৱা হয়। ইডিৰ সূত্ৰৰ মতে পৰিচাৰকৰ ঘৰৰ পৰা ৩২ কোটি টকা উদ্ধাৰ কৰা হৈছে। ইডিয়ে সন্দেহ কৰিছে যে এই ধন মানি লণ্ডাৰিং গোচৰৰ সৈতে জড়িত।

ইডিৰ বিষয়াসকলে সঞ্জীৱৰ লগুৱাৰ ঘৰত তালাচী চলাই ৩২ কোটি টকা উদ্ধাৰ কৰাৰ ঘটনাই বহুতকে আচৰিত কৰি তুলিছে। ইমান বেছি মাত্ৰাত নগদ ধন লুকুৱাই ৰখাৰ কথাই এয়া যে দুৰ্নীতিৰে সংগ্ৰহ কৰা ধন তাকেই প্ৰমাণ কৰা বুলি বহুতে মন্তব্য কৰিছে। ইডিৰ মতে গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰ কে ৰামৰ ধন সৰবৰাহৰ গোচৰত সঞ্জীৱৰ নাম জড়িত আছিল। সেই সংযোগৰ সৈতে সংগতি ৰাখি সোমবাৰে পুৱা ইডিয়ে অভিযান আৰম্ভ কৰে। গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰক ২০২৩ চনৰ ফেব্ৰুৱাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ আছে। ইডিয়ে দাবী কৰিছে যে সঞ্জীৱো গোচৰটোত জড়িত আছে। ইডি বিষয়াসকলৰ মতে সঞ্জীৱ ঝাৰখণ্ডৰ আন মন্ত্ৰীসকলৰ সৈতে ধনৰ লেনদেনত জড়িত আছিল।

Leave A Reply