Breaking

বোকাখাতত আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ হৈ আৰ টি আই কৰ্মী বিজয় কুটুমৰ মনোনয়ন পত্ৰ দাখিল

0 2,057

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতেই ৰাজ্যৰ ভিতৰতে দ্বিতীয়গৰাকী প্ৰাৰ্থী হিচাপে বোকাখাতত আজি আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ৰূপে আৰ টি আই কৰ্মী বিজয় কুটুমে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ২০১৬ চনতো বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজয় কুটুমে ৷ সেইবাৰ নিৰ্বাচনত মাত্ৰ ১৩৫১ টা ভোট লাভ কৰিছিল আৰ টি আই কৰ্মী বিজয় কটুমে । মনোনয়ন পত্ৰ দাখিলৰ পাছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিজয় কুটুমে দুৰ্নীতিমুক্ত আৰু এখন নিকা বোকাখাত গঢ়াৰ লক্ষ্য আগত ৰাখিয়েই মনোনয়ন পত্ৰ দাখিল কৰা বুলি মন্তব্য কৰে ৷ আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত আৰু আকৃষ্ট হৈ আম আদমী পাৰ্টি চমুকৈ আপৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ প্ৰদান কৰে বিজয় কুটুমে ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই বোকাখাতত যিমান পৰিমাণৰ উন্নয়ণ সাধন কৰিব লাগিছিল, সেইয়া সমাধান কৰাত বিফল হোৱা বুলি মন্তব্য কৰে ৷ নিৰ্বাচনত তেওঁ বোকাখাতৰ পৰা বিজয়ী হ’লে স্বচ্ছ, নিকা আৰু দুৰ্নীতিমুক্ত বোকাখাত গঢ়াৰ সংকল্প আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ লগতে শিক্ষিত নিৱনুৱা সকলক সংস্থাপনৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰাৰ উপৰিও বোকাখাতৰ উন্নয়ণত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ ইয়াৰ পূৰ্বে বোকাখাতৰ ইন্দিৰা গান্ধী স্মৃতি উদ্যানৰ সমীপৰ পৰা দলীয় সমৰ্থকসহ পদযাত্ৰা কৰি আহি বোকাখাত মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ দুই সমৰ্থকসহ বিজয় কুটুমে মনোনয়ন পত্ৰ নিৰ্বাচনী বিষয়া বিপুল দাসৰ হাতত মনোনয়ন পত্ৰ প্ৰদান কৰে ৷ কিন্তু পূৰ্বৰ নিৰ্বাচন দৰে এইবাৰ নিৰ্বাচনত বোকাখাতৰ জনতা জনাৰ্দনে বিজয় কুটুম প্ৰতি কি ৰায় প্ৰদান কৰে সেইয়া দুই মে’তহে জানিব পৰা যাব ৷

Leave A Reply