Breaking

ৰুদ্ৰ ভূঞাক ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব…

0 145

কৃষক মুক্তি সংগ্ৰাম সমিতৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতিৰ পদবীত নিযুক্ত হ’ল ৰুদ্ৰ ভূঞা। ধেমাজিৰ চিচিবৰগাঁৱৰ চৌখামটিং নিবাসী ৰুদ্ৰ ভূঞাই পূৰ্বতে সংগঠনটোৰ সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি সংগঠনটোৰ বিভিন্ন বিষয়বাবত থাকি সংগঠনৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে।

সক্ৰিয় ছাত্ৰ নেতাজনৰ এই নতুন দায়িত্ব প্ৰাপ্তিৰ বাবে শুভাকাংশীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। দুলিয়াজানত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় অধিৱেশনত ৰুদ্ৰ ভূঞাক প্ৰদান কৰা হৈছে এই দায়িত্ব।

Leave A Reply