Breaking

বিজেপি মহানগৰ জিলাৰ চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্মজয়ন্তী পালন

0 29

দৈনন্দিন বাৰ্তা সেৱা, গুৱাহাটী, ৩১ অক্টোবৰঃ ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাই আজি লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্ম দিৱস উদযাপন কৰে৷ চৰ্দাৰ বল্লভ ভাই পেটলৰ প্ৰতি শ্ৰদ্ধা জনাই আজি পুৱা ৭ বজাত মহানগৰীৰ গুৱাহাটী ক্লাবত এক অনুষ্ঠান আয়োজন কৰে৷ কাৰ্য্যসুচী অনুযায়ী চৰ্দাৰ বল্লভ ভাই পেটলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বালন কৰে সাংসদ কুইন ওজাই৷

ইয়াৰ পিছত বিধায়ক অতুল বৰা, অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, মহানগৰ জিলা সভাপতি মৃগেন শৰনীয়া, ৰাজ্যিক সম্পাদক বেনুধৰ নাথ, জি এম ডিএৰ উপাধক্ষ্য মুকুতা ডেকা উপস্থিত থাকি লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটলক  শ্ৰদ্ধাঞ্জলি জনাই৷

অনুষ্ঠানত সাংসদ কুইন ওজাই ভাষন প্ৰদান কৰি কয় যে চৰ্দাৰ বল্লভ ভাই পেটলৰ জীৱন দৰ্শন নৱ প্ৰজন্মই অধ্যয়ন কৰা অতি আৱশ্যক৷ অখণ্ড ভাৰত নিৰ্মাণত পেটলৰ যথেষ্ট অৰিহনা আছে৷ স্বাধীনতাত জড়িত এই সকল ব্যক্তিৰ ত্যাগৰ বাবেই আজি আমি স্বাধীন ভাৰতত উসাহ লব পাৰিছো বুলি সাংসদ কুইন ওজাই উল্লেখ কৰে।

পৰবৰ্তী কাৰ্যসূচী অনুসৰি গুৱাহাটী ক্লাৱৰ পৰা চানমাৰি অসম অভিযান্ত্ৰিক খেল পথাৰলৈ একতাৰ দৌৰ কাৰ্যসূচী ৰুপায়ন কৰে৷ মহানগৰ জিলা উপসভাপতি দিলিপ মেধিয়ে অনুষ্ঠানত আঁতধৰা কাৰ্য্যসুচীত সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, মহানগৰ জিলা বিষয়ববীয়া, নিগম-নিকাৰ অধ্যক্ষ-উপাধক্ষ্যসহ প্ৰায় চয় শতাধিক সদস্যই অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

Leave A Reply