Breaking

ৰাছিয়াই দাবী কৰিছে শান্তি আলোচনা হোৱাৰ পূৰ্বে দেশখনে যুদ্ধত ইউক্ৰেইনৰ পৰা দখল কৰা ভুখণ্ডক ৰাছিয়াৰ বুলি স্বীকৃতি প্ৰদান কৰিব লাগিব…

0 42

ইউক্ৰেইন আক্ৰমণ কৰা ৰাছিয়াই এক অদ্ভূত দাবী কৰিছে। ৰাছিয়াই দাবী কৰিছে শান্তি আলোচনা হোৱাৰ পূৰ্বে দেশখনে যুদ্ধত ইউক্ৰেইনৰ পৰা দখল কৰা ভুখণ্ডক ৰাছিয়াৰ বুলি স্বীকৃতি প্ৰদান কৰিব লাগিব।

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব বুলি ইংগিত দিয়াৰ পিছতে ৰাছিয়াই অভিযোগ কৰিছে ইউৰোপীয় দেশসমূহে ৰাছিয়াই দখল কৰা ইউক্ৰেইনৰ ‘নতুন ভুখণ্ড’ক স্বীকৃতি নিদি আলোচনাৰ পথ কঠিন কৰি তুলিছে।

ক্ৰেমলিনে কয় যে আলোচনাৰ বাবে ৰাছিয়াই পথ মুকলি ৰাখিছে, কিন্তু পশ্চিমীয়া ৰাষ্ট্ৰবোৰে দাবী কৰা  ইউক্ৰেইন আক্ৰমণৰ বন্ধ কৰি তাৰ পৰা সৈন্য বাহিনী উলিয়াই অনাৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁলোক আগ্ৰহী নহয়।

ইয়াৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে বৃহস্পতিবাৰে নিশা সাংবাদিকৰ আগত কয় যে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিবলৈ সাজু হৈছে। “যদি সঁচাকৈয়ে তেওঁ (ভ্লাদিমিৰ পুতিন) যুদ্ধৰ অন্ত পেলোৱাৰ কথা চিন্তা কৰিছে তেন্তে তেওঁ নিজেই ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।” মাৰ্কিন ৰাষ্ট্ৰপিতগৰাকীয়ে সাংবাদিকৰ আগত কয়।

হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ কাষতে ৰৈ ফ্ৰান্সৰ ইমানুৱেল মেক্ৰনেও স্পষ্ট কৰি দিয়ে যে তেওঁলোক দুয়োজনে ইউক্ৰেইনীয়সকলক কেতিয়াও আপোচ কৰাটো নিবিচাৰে।

\

কূটনৈতিক হেঁচাত মাহৰ পিছত মাহ ধৰি ৰাছিয়াই আলোচনাৰ প্ৰতি কোনো উৎসাহ প্ৰদৰ্শন কৰা নাই। ইফালে অসামৰিক অঞ্চলত ব্যাপক আক্ৰমণ চলোৱাৰ পাছতো দক্ষিণ ইউক্ৰেইনত ৰাছিয়ান সেনাই পিছুৱাই যাবলৈ বাধ্য হৈছে।

ইফালে, শুকুৰবাৰে জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজে ছেপ্টেম্বৰৰ পিছত প্ৰথমবাৰৰ বাবে ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বাৰ্তালাপ কৰে। এঘণ্টাজোৰা বাৰ্তালাপত জাৰ্মান নেতাগৰাকীয়ে ৰাছিয়াক কূটনৈতিক সমাধান বিচাৰিবলৈ আহ্বান জনাইছে। লগতে তেওঁ ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্যক যথাসম্ভৱ সোনকালে উলিয়াই আনিবলৈ আহ্বান জনায়।

Leave A Reply