Breaking

ইউক্ৰেইনৰ ড্নিপ্ৰ’ চহৰত ৰাছিয়াৰ আক্ৰমণ। দুবছৰীয়া কণমানি নিহত, ২২ গৰাকী আহত…

0 57

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ড্নিপ্ৰ’ চহৰ আক্ৰমণৰ বাবে ৰাছিয়াক দোষাৰোপ কৰিছে। ড্নিপ্ৰ’ত হোৱা বিস্ফোৰণক তেওঁ ইচ্ছাকৃতভাৱে ৰাছিয়াৰ আক্ৰমণ বুলি অভিহিত কৰে। ইউক্ৰেইনৰ ড্নিপ্ৰ’ চহৰৰ আৱাসিক এলেকাত ৰাছিয়াৰ বিমান আক্ৰমণৰ অভিযোগত এটি দুবছৰীয়া কণমানি নিহত হোৱাৰ লগতে ২২ জন লোক আহত হয়। ছেৰহিয় লিছাকে জনোৱা মতে, আহতসকলৰ ভিতৰত পাঁচজন শিশু, ইয়াৰে তিনিজন ল’ৰা সংকটজনক অৱস্থাত চিকিৎসালয়ত আছে। ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে শ্বেয়াৰ কৰা ভিডিঅ’ত উদ্ধাৰকাৰীয়ে দুমহলীয়া অট্টালিকাটোৰ অৱশিষ্ট বিচাৰি ফুৰা দেখা গৈছে। আঞ্চলিক ৰাজ্যপালগৰাকীয়ে জনোৱা মতে, বিস্ফোৰণত আহত ১৭ জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

এই আক্ৰমণৰ বাবে ৰাছিয়াক দোষাৰোপ কৰিছে ভ’ল’ডিমাইৰ জেলেনস্কিয়ে। ড্নিপ্ৰ’ত হোৱা বিস্ফোৰণক তেওঁ ইচ্ছাকৃতভাৱে ৰাছিয়াৰ আক্ৰমণ বুলি অভিহিত কৰে। অৱশ্যে এই ঘটনা সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই ক্ৰেমলিনে। যদিও ৰাছিয়াই পূৰ্বে চুবুৰীয়া দেশখন আক্ৰমণৰ সময়ত সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাৰ কথা অস্বীকাৰ কৰিছিল। ৰাজধানী কিয়েভতো বিস্ফোৰণৰ শব্দ শুনা গৈছে, য’ত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা পুনৰ নিয়োগ কৰা হৈছে। সমগ্ৰ দেশকে বিমান আক্ৰমণৰ সতৰ্ক কৰি দিয়া হৈছিল। দেশৰ অন্যান্য প্ৰান্ততো বিস্ফোৰণৰ খবৰ পোৱা গৈছে।ৰাছিয়াৰ গোলাবৰ্ষণৰ ফলত উত্তৰ দিশতো থকা চুমি চহৰত ৮৭টা বিস্ফোৰণৰ ৰেকৰ্ড কৰিছে কৰ্তৃপক্ষই। ৰাছিয়াৰ অধীনস্থ দক্ষিণ চহৰ বাৰ্ডিয়ানস্ক আৰু মেলিট’পলতো বহুলোকৰ বিস্ফোৰণৰ খবৰ পোৱা গৈছে।

Leave A Reply