Breaking

এটি কণমানিলৈ দৰদ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ…

0 48

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এটা ভিডিঅ’ বৰ্তমান সময়ত যথেষ্ট ভাইৰেল হৈ পৰিছে। ভ্লাদিমিৰ পুটিন ভাইৰেল ভিডিঅ’ক পশ্চিমীয়া সংবাদ মাধ্যমে ইয়াক পুটিনৰ জনসংযোগ ষ্টাণ্ট বুলি অভিহিত কৰিছে। এই ভিডিঅ’টোত তেওঁ এগৰাকী কণমানি ছোৱালীক আদৰ কৰা দেখা গৈছে। এই ভিডিঅ’টোত এগৰাকী আঠ বছৰীয়া এটি পুটিনক লগ কৰিবলৈ আগবাঢ়ি গৈছে। পুটিনে কণমানিটিক মৰমেৰে কোলাত তুলি লই আৰু তাৰ পিছত চকীত বহিবলৈ দিয়ে আৰু ইয়াৰ মাজতেছোৱালীজনীৰ দাবী মানি কণমানিজনীৰ অঞ্চলৰ বাবে ধন মুকলি কৰি দিয়ে।

সন্তান ঈশ্বৰৰ ৰূপ। মাক-দেউতাক লগত থাকিলে ল’ৰা-ছোৱালীবোৰৰ কোনো চিন্তা বা ভয় নাথাকে। ল’ৰা-ছোৱালীয়ে নিজৰ মধুৰ আৰু মৰমলগা কথাৰে যিকোনো লোককে আকোঁৱালি লব পাৰে। এই কথা প্ৰমাণ কৰিছে এটি আঠ বছৰীয়া কণমানিয়ে, যিয়ে ৰাছিয়াৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰপতিক লগ কৰে। যি কাৰ্য পূৰ্বে কোনেও কৰা নাছিল। এই ছোৱালীজনীৰ নাম ৰাইছাজ আকিপোভা। কিছুদিন পূৰ্বে যেতিয়া পুটিনে নিজৰ গৃহ অঞ্চল দাগেস্তান ভ্ৰমণ কৰিছিল তেতিয়া ভিৰৰ বাবে ছোৱালীজনীক লগ কৰিব পৰা নাছিল। পুটিনক লগ কৰিব নোৱাৰাৰ বাবে ৰাইছাজে কান্দিছিল। এই কথা গম পোৱাৰ লগে লগে পুটিনে ছোৱালীজনী আৰু তাইৰ পৰিয়ালৰ লোকক মস্কোলৈ মাতিলে। পুটিনে কন্যা শিশুটিক তেওঁৰ ৰাজ সভালৈ ফুলেৰে আদৰণি জনায়। এই সময়ছোৱাত ৰাইছাটে পুটিনক বিত্তমন্ত্ৰীৰ সৈতে ফোনত কথা পাতি নিজৰ গৃহ অঞ্চলৰ বাবে বাজেট অনুদান বিচাৰিবলৈ অনুৰোধ জনাইছিল। যাৰ ওপৰত তেওঁ ইতিবাচক মনোভাৱ দেখুৱাইছিল। ভিডিঅ’টোত পুটিনক ছোৱালীজনীৰ প্ৰতি অতি দয়ালু দেখা গৈছে। এতিয়া পশ্চিমীয়া সংবাদ মাধ্যমে এই ভিডিঅ’টোক ক্ৰেমলিন আৰু পুটিনৰ জনসংযোগ ষ্টাণ্ট বুলি অভিহিত কৰিছে।

Leave A Reply