Breaking

চাবুৱাত মৃতদেহ কঢ়িওয়া ভেনৰ প্ৰয়োজন, মৃতদেহ কঢ়িয়াইছে জাবৰ পেলোৱা গাড়ীত

0 2,034

সম্প্ৰতি মহামাৰী ক’ৰোণা তথা ক’ভিড-১৯ৰ  দ্বিতীয় ঢৌয়ে জনসাধাৰণক ত্ৰাসি মধুসূদন দেখুওৱাছে । ক’ভিডৰ  দ্বিতীয় ঢৌৰ কবলত হেজাৰ হেজাৰ লোক আক্ৰান্তৰ বিপৰীতে বহুজনৰ অকাল মৃত্যু হৈছে। ডিব্ৰুগড় জিলাৰ চাবুৱাতো ক’ৰোণা মহামাৰীয়ে ব্যাপক ৰূপত  সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে। চাবুৱাত বৰ্তমান প্ৰাপ্ত তথ্য অনুসৰি ক’ভিড-১৯ ত আক্ৰান্ত সংখ্যা দুই শতাধিক অতিক্ৰম কৰিছে। ইফালে এই পৰ্যন্ত ক’ভিডত আক্ৰান্ত হৈ চাবুৱাত ৪ জন লোকৰ মৃত্যু বৰণ হৈছে । ইতিমধ্যে ক’ভিডত মৃত্যু হোৱা জেৰাই গাঁৱৰ টুটু ভূঞা নামৰ ব্যক্তি গৰাকীক চাবুৱাস্থিত শ্মশান ঘাটলৈ সৎকাৰৰ বাবে নিয়াৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসনে চাবুৱা পৌৰ সভাৰ জাবৰ পেলোৱা গাড়ী ব্যৱহাৰ কৰিবলগীয়া হৈছে। জাবৰ পেলোৱা গাড়ীত মৃতদেহ কঢ়িয়াই নিয়াৰ খবৰে চাবুৱাবাসীক স্তম্ভিত কৰি তুলিছে। খুদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহস্থান হিচাপে পৰিচিত বৃহত্তৰ চাবুৱা অঞ্চলৰ বাবে মৃতদেহ কঢ়িওয়া এখন গাড়ী তথা ডেডবদী কেৰিয়াৰ ভেন অদ্যপি অভাৱ হৈ থকা বিষয়টো এক দুৰ্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈছে । টুটু ভূঞাৰ মৃতদেহ কঢ়িওয়াৰ ক্ষেত্ৰতে নহয় আন আন সময়তো মৃতদেহ পৰিয়ালবৰ্গই ব্যক্তিগত বাহন , ভাৰাতীয়া বাহনৰ উপৰিও কেতিয়াবা ঠেলাগাড়ীতো মৃতদেহ কঢ়িয়াবলগীয়াৰ পৰিস্থিতি উদ্ভভ হৈছে। পানীতোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বিশ্ব স্বাস্থ্য কেন্দ্ৰ ,মহাত্ম গান্ধী আদৰ্শ চিকিৎসালয় , টাটা ৰেফাৰেল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউট আৰু চেন্ট ল’ক হাস্পতালৰ দৰে  চিকিৎসালয় থকাৰ পিছটো কিয় আজিলৈকে ডেডবদী কেৰিয়াৰ ভেন চাবুৱাত নাই সেয়া এক নুবুজা সাঁথৰত পৰিণত হৈছে। চাবুৱাবাসীৰ আশা চাবুৱা বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক পোনাকণ বৰুৱাই চাবুৱাৰ এই দীৰ্ঘদিনীয়া অভাৱ অচিৰেই সমাধা কৰি মৃতকৰ পৰিয়ালসমূহক সকাহ প্ৰদান কৰিব।

Leave A Reply