Breaking

কৃতি শিক্ষক, অসম আন্দোলনৰ কৰ্মী তথা হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ মৃত্যুত শোক

0 2,094

হোজাইৰ কোমোৰাকটাৰ নিবাসী তথা কৃতি শিক্ষক হোজাই জিলা সাহিত্য সভাৰ  উপ-সভাপতি পদ্ম কান্ত নাথৰ যোৱা ২৫ জানুৱাৰীৰ নিশা গুৱাহাটীৰ এপ’ল হস্পিটেলত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৭ বছৰ। ৰহা দীঘলদৰী গাওঁত ১৯৪৪ খৃষ্টাব্দত (আনুমানিক) জন্ম লাভ কৰা প্ৰয়াত নাথে বিগত প্ৰায় পঞ্চাশ বছৰ হোজাইৰ সমাজ জীৱনৰ লগত জড়িত আছিল। অসম আন্দোলনৰ এজন কৰ্মী প্ৰয়াত নাথে যোগীজান মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে ২০০২ চনত অৱসৰ গ্ৰহণ কৰা নাথ মৃত্যুৰ সময়ত হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ লগতে আজমল গ্ৰুপ অফ কলেজৰ শৈক্ষিক পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭২ চনত হোজাই সাহিত্য সভাৰ অন্যতম প্ৰতিষ্ঠাতা প্ৰয়াত নাথ হোজাই কেন্দ্ৰীয় বিহু সমিতিৰ  প্ৰতিস্থাপক সম্পাদক, মধ্য ইংৰাজী শিক্ষক সংস্থাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, হোজাই কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি হোৱাৰ উপৰিও অসম চৰকাৰৰ পাঠ্য পুথি প্ৰকাশন সমিতিৰ সদস্য পদত কাৰ্যনিৰ্বাহ কৰিছিল। শংকৰ আৰু অজান ফকীৰ নামৰ গ্ৰন্থ প্ৰণয়ন কৰা প্ৰয়াত নাথে বহু প্ৰবন্ধ ৰচনা কৰে। কিছুদিন আগতে প্ৰয়াত নাথ হৃদৰোগত আক্ৰান্ত হৈ প্ৰথমে গুৱাহাটীৰ হায়াত চিকিৎসাধীন হৈ আছিল যদিও অৱস্থাৰ কোনো উন্নতি নোহোৱাত পিছত এপলোত ভৰ্ত্তি কৰোৱা হৈছিল। কালি তেখেতৰ পাৰ্থিৱ শৰীৰ হোজাই সাহিত্য সভাৰ সাহিত্যৰথী বেজবৰুৱা ভৱন, কৰ্মস্থলী যোগীজান মধ্য ইংৰাজী বিদ্যালয়, আজমল ফাউণ্ডেচনলৈ নি শেষ শ্ৰদ্ধা নিবেদনৰ কৰা হয় আৰু বিয়লি নিজ বাসগৃহৰ সমীপত শেষ কৃত্য সম্পন্ন কৰা হয়। জিলা সাহিত্য সভাৰ সভাপতি ড: গুণেশ্বৰ শইকীয়া, সম্পাদক অনুপ কুমাৰ বৰঠাকুৰ, হেজাই সাহিত্য সভাৰ সভাপতি ডাঃ চামচুল হক, সম্পাদক দম্বৰু দাহল, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামী, হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদক, আজমল ফাউণ্ডেচন, জাতীয় বিদ্যালয়, অংকুৰ যুৱ সংঘ, নিখিল ভাৰত বংগ সাহিত্য সন্মিলনী, হোজাই ডিমাছা সাহিত্য সভা, হোজাই নেপালী সাহিত্য সভা আদিয়ে শিক্ষাবিদ জনৰ মৃত্যুত শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, কন্যা সহ বহু আত্মীয়ক এৰি থৈ যায়।

Leave A Reply