Breaking

সদৌ অসম উকীল সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি…

0 1,073

ডিব্ৰুগড়ত  তিনিদিনিয়াকৈ অনুষ্ঠিত সদৌ অসম উকীল সন্থাৰ সপ্তদশতম দ্বি- বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰে । ডিব্ৰুগড় উকীল সন্থাৰ কাৰ্যালয় চৌহদত তিনিদিনীয়াকৈ অনুষ্ঠিত অধিবেশনৰ আজি মুকলি সভাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইন, বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ কাৰ্যবাহী অধ্যক্ষ অপূৰ্ব কুমাৰ শৰ্মা আদি । সদৌ অসম উকীল সন্থাৰ সভাপতি ডেভিদ লেজাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত বক্তব্য ৰাখে বিশিষ্ট ব্যক্তিসকলে ।বিশেষকৈ উকীলসকলৰ ভৱিষ্যতনিধি পুঁজিৰ, নিগাজিকৈ কাৰ্যালয়ৰ বাবে ভূমি আবন্টন, এখন উকীল প্ৰশিক্ষণ একাডেমী আৰু ডিব্ৰুগড়ত এখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডেক্স স্থাপনৰ দিশ সমূহ আলোচনা কৰি চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি উল্লেখ কৰে।ইফালে বাজেটত চৰকাৰে ৫ কোটি টকা উকীলৰ পুঁজিৰ বাবে ধাৰ্য্য কৰাত উপস্থিত অধিবক্তাসকলে শলাগ লয়।

ভাষন প্ৰসংগত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই কয়,  ন্যায় আইনৰ অধীনত নহয় । ন্যায় আইনৰ উৰ্ধতহে আছে‌ । উকালতি কোনো কাৰিকৰী বিদ্যা নহয়। ই হৈছে জনহিতৈষী সংস্থা। যদিও ই এটা পেচা, কিন্তু জনহিতৈষী স্বাৰ্থ জড়িত কামবোৰ সুচাৰুৰূপে কৰি গলে এখন সুস্থ সৱল সমাজ গঠন কৰিব পাৰি । সভাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে অনাগত সময়ত কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজুসৈতে আলোচনা কৰি অধিবক্তাসকলৰ সৰ্বাঙ্গীন বিকাশ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। মুকলি সভাতে অধিৱেশনৰ লগত সংগতি ৰাখি ডিব্ৰুগড় বাৰ এচ’ছিয়েছনৰ দ্বাৰা প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “ডিব্ৰুপমা”উন্মোচন কৰে।আনহাতে সপ্তদশতম সদৌ অসম উকীল সন্থাৰ অধিৱেশনৰ মুল স্মৃতিগ্ৰন্থ “ন্যায়জ্যোতি” কালি উন্মোচন কৰা হয়।আজি শেষত শলাগৰ শৰাই আগবঢ়াই বিশিষ্ট অধিবক্তাৰ বিজন মহাজনে।মুকলি সভাৰ পাছত সদৌ অসম উকীল সন্থাৰ নতুন কমিটি গঠন কৰা হয় । এই নিৰ্বাচন প্ৰক্ৰিয়াত অসমৰ প্ৰতিখন জিলাৰ EXECUTIVE আৰু DELEGATE সদস্যই ভোটদান কৰে। বাতৰি যুগুত কৰা লৈকে ভোট গণনা চলি আছে ।

Leave A Reply