Breaking

বিশ্বনাথৰ মধুপুৰত চোৰে চাহ,অমলেট আৰু মুৰি খাই চাফাই অভিযান চলালে

0 1,577

বিশ্বনাথ চাৰিআলিৰ মধুপুৰত নিশা চোৰৰ তাণ্ডৱ।বিহুৰ আনন্দ উল্লাসৰ মাজত ঘৰত কোনো নথকাৰ সুজোগ লৈ নিশা চোৰে চলাই চাফাই অভিযান।বিশ্বনাথ চাৰিআলিৰ মধুপুৰস্থিত ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় ফ্লৰেন্স একাডেমীৰ স্বত্বাধিকাৰীৰ ঘৰত চোৰে লকাৰ ভাঙি প্ৰায় নগদ ২০,০০০ টকা আৰু সোন ৰূপৰ আ অলংকাৰ চোৰ কৰাৰ লগতে আন বহু মূল্যৱান সা সামগ্ৰী চোৰে লৈ যায়।উল্লেখ্য যে চোৰে ইমানতে শান্ত নাথাকি পাকঘৰত সোমাই চাহ অমলেট মুৰি খাই চোৰে চলাই চাফাই অভিযান । আৰু পুৱা ভাগত ঘৰৰ গৃহস্থ আহি উপস্থিত হোৱাত পৰিলক্ষিত হয় সমগ্ৰ ঘটনা ।ইতিমধ্যে বিশ্বনাথ আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে উক্ত ঘৰখনত ।

কিন্তু ,বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত বিহু উপলক্ষে নিশা কোনো নথকাৰ সুযোগ লৈ চোৰে চলোৱা চাফাই অভিযানক কেন্দ্ৰ কৰি এতিয়া বিশ্বনাথ বাসীক সংকিত কৰি তুলিছে।

Leave A Reply