Breaking

সাক্ষী-বজৰঙৰ প্ৰতিবাদত নতি স্বীকাৰ! ক্ৰীড়া মন্ত্ৰালয়ে স্থগিত ৰাখিলে কুস্তি ফেডাৰেচনৰ নতুন সমিতি, সঞ্জয় সিং মোৰ আত্মীয় নহয়ঃ ব্ৰজ ভূষণ শৰণ সিং…

0 18

ভাৰতীয় কুস্তি ফেডাৰেচনৰ নতুন সভাপতি নিৰ্বাচনকলৈ আপত্তি দৰ্শাই আহিছে প্ৰতিবাদী মল্লযোদ্ধাসকলে। একাংশ মল্লযোদ্ধা যৌন উৎপীড়ণৰ বলি হোৱা বুলি অভিযোগ কৰি অহা প্ৰতিবাদী মল্লযোদ্ধাসকলে ভাৰতীয় কুস্তি ফেডাৰেচনৰ নতুন সমিতিখন কোনোপধ্যে মানি ল’ব বিচৰা নাই। নতুন সমিতি খনৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰি সাক্ষী মালিকে মল্লযুঁজৰ পৰাই অৱসৰ লৈছে, একাধিক মল্লযোদ্ধাই তেওঁলোকৰ পদ্মশ্ৰী সন্মান ওভতাই দিছে। এনে পৰিস্থিতিত মল্লযোদ্ধাসকলৰ প্ৰতিবাদত সেও মানি অৱশেষত দেওবাৰে ক্ৰীড়া মন্ত্ৰালয়ে নৱ নিৰ্বাচিত সভাপতি সঞ্জয় সিঙকে ধৰি ভাৰতীয় কুস্তি ফেডাৰেচনৰ সমগ্ৰ সমিতিখনকে নিলম্বিত কৰাৰ কথা ঘোষণা কৰে। ক্ৰীড়া মন্ত্ৰালয়ে কৈছে যে কুস্তি ফেডাৰেচনে সংবিধান উলংঘা কৰি কাম কৰি আছে। সেইবাবেই নতুন সমিতি খনক নিলম্বিত কৰা হৈছিল। অৱশ্যে সমিতিখন সম্পূৰ্ণৰূপে ভাঙি দিয়া হোৱা নাই। ক্ৰীড়া মন্ত্ৰালয়ে আপাততঃ কাম চলাবলৈ এখন অস্থায়ী উপ-সমিতি গঠন কৰিবলৈ অলিম্পিক সন্থাক নিৰ্দেশ দিছে।

ব্ৰজ ভূষণ শৰণ সিঙৰ এজন ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙে বৃহস্পতিবাৰে কুস্তি ফেডাৰেচনৰ সভাপতি হিচাবে নিৰ্বাচনত জয়ী হৈছিল। ফেডাৰেচনে ব্ৰজ ভূষণক নিষিদ্ধ কৰাৰ পিছত তেওঁ তেওঁৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙক সমিতি খনত চলে-বলে কৌশলে বহুওৱা বুলি অভিযোগ উঠিছিল। অভিযোগ অনুসৰি নতুন সমিতি খন গঠনৰ ক্ষেত্ৰত আনকি প্ৰধানমন্ত্ৰী মোদীকো সম্পূৰ্ণ আন্ধাৰত ৰখা হৈছিল। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত দেখা গৈছিল যে মুঠ ৪৭ টা ভোটৰ ভিতৰত ৪০ টা ভোটেই ব্ৰজ ভূষণ শৰণ সিঙৰ এজন ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙে লাভ কৰিছে। প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলক সমৰ্থন কৰা অনিতা শ্বেওৰানে মাত্ৰ ৭ টা ভোটহে পোৱা বুলি কোৱা হৈছিল। এক কথাত ফেডাৰেচনৰ কোনো পদত ব্ৰজ ভূষণে অধিষ্ঠিত হোৱা নাছিল, কিন্তু কুস্তি ফেডাৰেচনৰ সকলো ক্ষমতা আওপাকে ব্ৰজ ভূষণৰ ওচৰলৈ গৈছিল।

মল্লযোদ্ধাসকলৰ তৰফৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছিল। অলিম্পিক পদক বিজয়ী সাক্ষী মালিকে সঞ্জয় সিঙক ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ প্ৰতিবাদত মল্লযুঁজেই ত্যাগ কৰিছিল। অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াই পদ্মশ্ৰী বঁটা ঘূৰাই দিয়ে । মল্লযোদ্ধা বীৰেন্দ্ৰ সিং যাদৱেও পদ্মশ্ৰী বঁটা প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ত লয়। এনে প্ৰতিবাদৰ মাজতে ক্ৰীড়া মন্ত্ৰালয়ে দেওবাৰে কুস্তি ফেডাৰেচনৰ সমিতিখনক নিলম্বন কৰে।
বৃহস্পতিবাৰে নিৰ্বাচিত হোৱাৰ পিছতে সভাপতি সঞ্জয় সিঙে ৰাষ্ট্ৰীয় অনুৰ্ধ-১৫ আৰু অনুৰ্ধ-২০ পৰ্যায়ৰ প্ৰতিযোগিতাৰ কথা ঘোষণা কৰে। কিন্তু সেই ঘোষণাৰ আগতে ফেডাৰেচনৰ কোনো বৈঠক আহ্বান কৰা হোৱা নাছিল। কাৰ্যবাহী সমিতিৰ সদস্যসকলক জাননী দিয়া হোৱা নাছিল। ক্ৰীড়া মন্ত্ৰালয়ে সেই অজুহাততে সমিতিখন নিলম্বন কৰিছে। অৱশ্যে বহুতে ধাৰণা কৰিছে যে সমিতিখন নিলম্বন কৰাৰ আঁৰত মল্লযোদ্ধাসকলৰ প্ৰতিবাদেই মূলকথা। সাক্ষী মালিকে কয়, “মই চৰকাৰৰ কথাত বিশ্বাস নকৰো। চৰকাৰে এতিয়ালৈকে লিখিতভাৱে একো কোৱা নাই। আমাৰ যুঁজ ভৱিষ্যতৰ মল্লযোদ্ধাসকলৰ বাবে। মই আশা কৰোঁ নিৰ্যাতিতাসকলে ন্যায় পাব। ” ইপিনে ভাৰতীয় কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্ৰজ ভূষণ শৰণ সিঙে ডব্লিউএফআইৰ নতুন সভাপতি সঞ্জয় সিং তেওঁৰ আত্মীয় বুলি বহুতে কৰা অভিযোগ অস্বীকাৰ কৰিছে। উল্লেখ্য কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে পূৰ্বে কৈছিল যে ভাৰতীয় কুস্তি ফেডাৰেচনৰ নিৰ্বাচনত প্ৰাক্তন মুৰব্বী ব্ৰজ ভূষণ শৰণ সিং অথবা তেওঁৰ কোনো আত্মীয়ই ভাগ ল’ব নোৱাৰিব।

Leave A Reply