Breaking

নামচাই ঘোষণাপত্ৰত স্বাক্ষৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌‌ৰ

0 246

আজি অৰুণাচল প্ৰদেশৰ নামচাইত অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজত মুখ্যমন্ত্ৰী পৰ্যায়ৰ নামচাই ঘোষণাপত্ৰত স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌‌ই।

দুয়োখন ৰাজ্যৰ মাজত বিবাদিত অঞ্চল হিচাপে বিবেচিত গাঁৱৰ সংখ্যা পূৰ্বৰ ১২৩ৰ পৰা ৮৬খনলৈ সীমাবদ্ধ কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাবুজিত উপনীত হয় ৷

লগতে ২০২২ চনৰ ১৫ ছেপ্টেম্বৰৰ ভিতৰত বাকী থকা ৮৬খন গাঁৱৰ ভিতৰত সৰ্বাধিকসংখ্যক গাঁৱৰ ক্ষেত্ৰত থকা সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিম বুলি কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌‌ই।

আজি এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত স্বাক্ষৰিত এই ঘোষণাপত্ৰই দুয়োখন ৰাজ্যৰে বন্ধুত্ব আৰু ভাতৃত্ববোধৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব বুলি কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌‌ই ।

।আজিৰ এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীপেমা খাণ্ডু, উপ-মুখ্যমন্ত্ৰী চাওনা মেই, অৰুণাচল প্ৰদেশ মন্ত্ৰীসভাৰ সদস্যসকলৰ লগতে অতুল বৰা, অশোক সিংহল, পীযুষ হাজৰীকা, সঞ্জয় কিষাণ আৰু বিমল বড়া, সাংসদ প্ৰদান বৰুৱা, বিধায়কদ্বয় ক্ৰমে তৰংগ গগৈ আৰু বলিন চেতিয়াও উপস্থিত থাকে।

Leave A Reply