Breaking

হাউলীৰ জয়েন বজাৰত জেপিএল প্ৰিমিয়াৰ লীগত ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাবৰ বিজয়ৰ খিতাপ অৰ্জন

0 2,032

বৰপেটা জিলাৰ হাউলীৰ জয়েন বাজাৰ জেপিএলৰ উদ্যোগত অষ্টম বাৰ্ষিক ক্ৰিকেট খেল প্ৰতিযোগিতা গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ২৬ জানুৱাৰীত দিনৰ এক বজাত চূড়ান্ত খেল খন বঙাইগাওঁ জিলাৰ ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাব আৰু সৰভোগৰ জামাদ্দাৰবড়ী আজানপীৰ মাছুম মডেল একাডেমী ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয় । উক্ত চূড়ান্ত  খেল খন উদ্বোধন কৰে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাস আৰু মা পৰাণ ফাউণ্ডেচনৰ সঞ্চালক ছিকান্দৰ আলী আহমেদে । খেল খনত  সমাজ কৰ্মী তথা যুৱ ব্যৱসায় ৰেকিবুল ৰহমান ৰিংকু, হাউলীৰ যুৱ ব্যৱসাসী জিয়াৰুল হ’ক , সমাজ কৰ্মী গিয়াচ উদ্দিন আহমেদ সহ ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে । ইয়াৰ পিছত নয়ন মনি আহমেদ আৰু মহিদুল হ’কৰ পৰিচালনাত চূড়ান্ত খেলখন আৰম্ভ হয় । খেল খনত প্ৰথমে ছালাবীলা বাশবাৰী ক্ৰিকেট ক্লাবে বেট ধৰি  মুঠ ১৬৮ ৰাণ কৰিবলৈ সক্ষম হয়, ইয়াৰ বিপৰীতে জামাদ্দৰবড়ী আজানপীৰ মাছুম মডেল একাডেমীৰ ক্ৰিকেট দলে আটাইকেইটা উইকেট হেৰুৱাই মুঠ ৭৮ ৰাণ কৰি পৰাজয় বৰণ কৰে । চূড়ান্ত খেল খনত বঙাইগাওঁ জিলাৰ ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাবে বিজয়ৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে । বিগত  ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মাহযোৰা ক্ৰিকেট প্ৰতিযোগিতা খনত মুঠ ৩০ টা দলে যোগদান কৰিছিল বুলি খেল পৰিচালনা সমিতিৰ উপ সভাপতি জাহিদুল ইছলামে জানিবলৈ দিয়ে । চূড়ান্ত খেল খন বিছ হেজাৰৰো অধিক দৰ্শকে উপভোগ কৰে ।

Leave A Reply