Breaking

ছলমান অৰ্জুনৰ শত্ৰুতা শেষ! ছবিগৃহত ভাইজানৰ চিনেমা উপভোগ অভিনেতা অৰ্জুন কাপুৰৰ…

0 53

টাইগাৰ ৩: দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি লাভ কৰিলে ছলমান খানৰ ছবি টাইগাৰ ৩ য়ে। ছবিখন চাবলৈ অনুৰাগীৰ সৈতে চেলিব্ৰিটিসকলো ছবিগৃহলৈ গৈছে। এই ছবিখনে বক্স অফিচত ঢৌ তুলিছে। বলীউডৰ অভিনেতা অৰ্জুন কাপুৰেও ছবিগৃহত উপবোগ কৰিলে ভাইজান ছবিয়ে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ছবিগৃহৰ পৰা তেওঁৰ ফটো। অৰ্জুন কাপুৰে পাথানৰ পৰিচালক সিদ্ধাৰ্থ আনন্দৰ সৈতে টাইগাৰ ৩ চাবলৈ দক্ষিণ মুম্বাইৰ এটা ছবিগৃহলৈ গৈছিল। দুয়োৰে ফটো ভাইৰেল হৈ আছে।

ছলমান খানেই অৰ্জুন কাপুৰক অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ প্ৰেৰণা যোগাইছিল। কেৱল এয়াই নহয়, তেওঁ অৰ্জুনক প্ৰস্তুতি চলোৱাতো সহায় কৰিছিল। অৰ্জুন কাপুৰে ছলমান খানৰ ভগ্নী অৰ্পিতা খানৰ সৈতে ডেটিং কৰিছিল যদিও ২০০৫ চনত দুয়োৰে মাজত সম্পৰ্ক বিচ্ছেদ হয়। অৰ্জুনে এতিয়া মলাইকা অৰোৰাৰ লগত ডেটিং কৰি আছে। ইয়াৰ পূৰ্বে মালাইকা অৰোৰা ছলমানৰ ভাতৃ আৰবাজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। অৱশ্যে এতিয়া দুয়োৰে মাজত বিচ্ছেদ হৈছে। মলাইকাৰ লগত ডেটিং কৰাৰ পিছত ছলমান আৰু অৰ্জুনৰ সম্পৰ্কত উত্তেজনা সৃষ্টি হৈছিল। অৰ্জুন কাপুৰে কেতিয়াও ৰাজহুৱাভাৱে ছলমান খানৰ সৈতে হোৱা শীতল যুদ্ধৰ কথা কোৱা নাই যদিও তেওঁৰ পিতৃ বনী কাপুৰে নিশ্চিত কৰিছিল যে যোৱা কেইবছৰমানৰ পৰা ছলমানৰ সৈতে তেওঁৰ সম্পৰ্কত কিছু ফাঁট মেলিছে।


Leave A Reply