Breaking

প্ৰথম বাৰৰ বাবে নিজতকৈ ২৫ বছৰ সৰু অভিনেত্ৰীৰ সৈতে ৰোমাঞ্চ ছলমান খানৰ…

0 107

‘কিছি কা ভাই কিছি জান’ ছবিখনে অতি সোনকালে মুক্তি লাভ কৰিব। পূজা হেগড়েৰ সৈতে ছলমান খানৰ ৰোমান্টিক কেমিষ্ট্ৰী এই ছবিখনত দেখা যাব।পূজা হেগড়ে প্ৰথম লগ পাওঁতে ছলমান খানক ভাই বুলি সম্বোধন কৰিছিল।

পূজাই কয় যে ‘প্ৰথম অৱস্থাত ছলমান খানক লগ পাওঁতে ভাই বুলি মাতিছিলো কাৰণ সকলোৱে তেওঁক তেনেকৈ মাতিছিল। সকলোৰে তেওঁক ভাইজান বুলি মাতিছিল সেয়ে মইও তেওঁক ভাই বুলি মাতিছিলোঁ। আনকি শ্বুটিঙৰ সময়তো বহু সময়ত ভাই বুলি মোৰ মুখৰ পৰা ওলাই আহিছিল, এই কথাটো লৈ সকলোৰে শ্বুটিং স্থলীত হাঁহিছিল।‘কিছি কা ভাই কিছি জানত ছলমানৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে পূজা হেগড়েক’।

‘কিছি কা ভাই কিছি কি জান’ ছবিৰ ট্ৰেইলাৰ ৰাইজে ভাল পাইছে লগতে ছলমান খান আৰু পূজা হেগড়েৰ কেমিষ্ট্ৰীকো ভাল পাইছিল। দুয়োৰে অনুৰাগীয়ে প্ৰথমবাৰৰ বাবে পৰ্দাত একেলগে দেখাৰ বাবে আগ্ৰহী। এই ছবিখন ২১ এপ্ৰিলত ঈদ উপলক্ষে মুক্তি পাব।

Leave A Reply