Breaking

১৪ এপ্ৰিলত মুক্তি পাব সামান্থা ৰুথ প্ৰভুৰ ছবি ‘শকুন্তলাম’। প্ৰকাশ পালে ছবি খনৰ প্ৰথম ৰিভিউ…

0 130

১৪ এপ্ৰিলত মুক্তি পাব সামান্থা ৰুথ প্ৰভুৰ ছবি ‘শকুন্তলাম’। ১৪ এপ্ৰিলত মুক্তি পাব সামান্থা ৰুথ প্ৰভুৰ বহু প্ৰত্যাশিত ছবি ‘শকুন্তলাম’। অনুৰাগীসকলে আগ্ৰহেৰে বাট চাই আছে সামন্থা ৰুথ প্ৰভুৰ ‘শাকুন্তলাম’ ছবিখনৰ বাবে। কালিদাসৰ কবিতা ‘অভিজ্ঞান শকুন্তলাম’ৰ আধাৰত নিৰ্মিত পৌৰাণিক নাটকখন। ১৪ এপ্ৰিল অৰ্থাৎ কাইলৈ ​​ছবিগৃহত মুক্তি পাব সামান্থাৰ এই বহু প্ৰত্যাশিত ছবিখনে। শেহতীয়াকৈ ছবি নিৰ্মাতাসকলে সমালোচক আৰু কিছুমান নিৰ্বাচিত দৰ্শকৰ বাবে বিশেষ প্ৰিমিয়াৰৰ ব্যৱস্থা কৰিছে।

বহু অনুৰাগীয়ে ‘শকুন্তলাম’ ছবিখনক প্ৰশংসা কৰি ভাল পাৰিবাৰিক মনোৰঞ্জনমূলক ছবি বুলি অভিহিত কৰাৰ বিপৰীতে বহু টুইটত ছবিখন দুৰ্বল আৰু ভিএফএক্স ছবিখনৰ এক ডাঙৰ অসুবিধা বুলিও দাবী কৰিছে।একে সময়তে বহু লোকে ছবিখনত সামান্থাৰ অভিনয়ক প্ৰশংসা কৰি কেৰিয়াৰৰ শ্ৰেষ্ঠ ছবি বুলি অভিহিত কৰে।


ৰুদ্ৰমাদেৱী ফেম গুণহছেকাৰৰ পৰিচালনাত নিৰ্মিত ‘শকুন্তলাম’ত দূষ্যন্তৰ চৰিত্ৰত দেৱ মোহন, ধূৰ্বাসা মুনিৰ চৰিত্ৰত মোহন বাবু, প্ৰিয়মবাদৰ চৰিত্ৰত অদিতি বালান আৰু কনভা মহৰ্ষীৰ চৰিত্ৰত শচীন খেদেকাৰে অভিনয় কৰিছে। আনহাতে সামন্তাই শকুন্তলাৰ চৰিত্ৰত অভিনয় কৰিছে। দূৰ্বাসা মুনিৰ অভিশাপৰ বাবে কষ্টৰ সন্মুখীন হোৱা ৰজা দুষ্যন্ত আৰু শকুন্তলাৰ মাজত এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী বৰ্ণনা কৰা হৈছে ছবিখনত। গুনা টিমৱৰ্কছ আৰু শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েচনে প্ৰযোজনা কৰা ছবিখনৰ সংগীত ৰচনা কৰে মণি শৰ্মাই।

Leave A Reply