Breaking

অভিনয়ৰ লগতে অধ্যয়নতো শীৰ্ষস্থানত সামান্থা: দশম শ্ৰেণীত গণিত আৰু পদাৰ্থ বিজ্ঞানত ৯৫তকৈ অধিক নম্বৰ লাভ কৰিছিল

0 123

অভিনয়ৰ লগতে সামান্থাই অধ্যয়নতো শীৰ্ষস্থান দখল কৰিছিল: দশম শ্ৰেণীত ৮৮.৭% নম্বৰ লাভ কৰিছিল; গণিত আৰু পদাৰ্থ বিজ্ঞানত ৯৫তকৈ অধিক নম্বৰ লাভ কৰে।চাউথ চিনেমাৰ আগশাৰীৰ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ দশম শেণীৰ ৰিপৰ্ট কাৰ্ড ভাইৰেল হৈ পৰিছে। ৰিপৰ্ট কাৰ্ড চোৱাৰ পিছত ক’ব পাৰি যে অভিনয়ৰ লগতে সামান্থাই পঢ়া-শুনাতো যথেষ্ট ভাল আছিল। সামান্থাই এই ৰিপৰ্ট কাৰ্ডখনো নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

এই মাৰ্ক শ্বীটখন চালে গম পোৱা যায় যে প্ৰায় প্ৰতিটো বিষয়তে সামান্থাই শীৰ্ষস্থান দখল কৰিছে। গণিতত ১০০ৰ ভিতৰত ৯৯ নম্বৰ লাভ কৰাৰ বিপৰীতে পদাৰ্থ বিজ্ঞানত ৯৫ নম্বৰ লাভ কৰে। ইংৰাজীতো তেওঁৰ ৯০ নম্বৰ আছে।

সামান্থাৰ ৰিপৰ্ট কাৰ্ড চালে গম পোৱা যায় যে তেওঁ ৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ক্লাছত শীৰ্ষস্থান দখল কৰিছে। আনকি REMARK ত লিখা আছে যে সামান্থা বিদ্যালয়খনৰ বাবে এক সম্পদ। মুঠ ১০০০ নম্বৰৰ ভিতৰত ৮৮৭ নম্বৰ লাভ কৰিছে সামান্থাই। সেই অনুসৰি তেওঁ ৮৮.৭% নম্বৰ লাভ কৰিছে।সামান্থাই বি.কম কৰিছে।চেন্নাইৰ হলি এঞ্জেলছ ইণ্ডিয়ান হাইয়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰাই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ইয়াৰ পিছত তেওঁ চেন্নাইৰ ষ্টেলা মাৰিছ কলেজৰ পৰা বি.কম কৰে। স্নাতক ডিগ্ৰী লাভৰ অন্তিম বৰ্ষৰ পৰাই মডেলিং আৰম্ভ কৰিছিল সামান্থাই। মডেলিঙলৈ অহাৰ পিছত সামান্থাই পঢ়া-শুনা এৰি অভিনয় জীৱনত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে। যদিও সামান্থাই এবাৰ কৈছিল যে পঢ়া-শুনা এৰি দিয়াটো তাইৰ পছন্দ নহয় বৰঞ্চ বাধ্যবাধকতাহে।

Leave A Reply