Breaking

খুশী মিউজিকেল কনচাৰ্টত প্ৰাক্তন স্বামীৰ গান শুনি দুচকু সেমেকি উঠিল সামান্থাৰ…

0 31

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থাৰ এটা ভিডিঅ’। স্বাধীনতা দিৱসৰ দিনা খুশী ছবি খনৰ নিৰ্মাতাসকলে আয়োজন কৰিছিল এক বিশেষ অনুষ্ঠান। এই খুশীৰ মিউজিকেল কনচাৰ্টত হঠাতে নাগা চৈতন্যৰ এটা গান বাজি উঠিল, যি গান শুনি শুনি আৱেগিক হৈ পৰিছিল সামান্থা। ভিডিঅ’টোত দেখা গৈছে যে সামান্থাই চকুপানী ৰখাবলৈ চেষ্টা কৰিছে। কিয়নো এই গীতটিত অভিনয় কৰিছিল সামন্থা প্ৰাক্তন স্বামী নাগা চৈতন্যই। সামান্থাক আৱেগিক হোৱা দেখি অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল আচৰিত হৈ পৰিছিল।

খুশী ছবিখন পৰিচালনা কৰিছে শিৱ নিৰ্বাণে। যিখন এখন ৰোমান্টিক কমেডী ছবি। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিজয় দেৱেৰাকোণ্ডা আৰু সামান্থাই। চলিত বৰ্ষৰ ১ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবি খনে। পূৰ্ণ গতিত চলি আছে ছবিখনৰ প্ৰচাৰ। স্বাধীনতা দিৱসৰ বিশেষ উপলক্ষে ছবিখনৰ নিৰ্মাতাসকলে এক কনচাৰ্টৰ আয়োজন কৰিছিল। এই কনচাৰ্টতে হঠাত নাগা চৈত্যনৰ অভিনীত এটা গান বাজি উঠিছিল আৰু সেই গানটো শুনি কিছু সময়ৰ বাবে সামান্থা আৱেগিক হৈ পৰিছিল।


Leave A Reply