Breaking

বৰপথাৰৰ সন্দীপ মটৰছ নামৰ YAMAHA ডিলাৰটোৱে চলাইছে বে -আইনী কাৰ্য্যকলাপ

0 70

গোলাঘাট জিলাৰ বৰপথাৰ নগৰত থকা Yamaha কোম্পানীৰ দুচকীয়া বাহনৰ ডিলাৰ সন্দীপ মটৰছত চলিছে ব্যাপক বেমেজালি আৰু বে -আইনী কায্যকলাপ। বৰপথাৰ নগৰৰ কালীবাৰীত থকা Yamaha ডিলাৰটোৰ ওপৰত দীৰ্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছে বহু নীতিবৰ্হিভূত কাম কাজৰ অভিযোগ।

বৰপথাৰৰ টেঙানিৰ এজন গ্ৰাহকে এই ডিলাৰটোৰ পৰা ২০১৯ চনতে ক্ৰয় কৰিছিল এখন স্কুটি। কিন্তু নম্বৰ প্লেট লাভ কৰিলে যদিও তিনিবছৰ পাৰ হোৱাৰ পাছতো আজি পয্যন্ত লাভ নকৰিলে বাহনৰ ৰেজিষ্ট্ৰেছন প্ৰমাণ -পত্ৰ। আনহাতে ৰহস্যজনক বিষয় যে গ্ৰাহকজনে পোৱা AS 05 P 6468 নম্বৰটো আজিলৈকে পৰিবহন বিভাগত সন্নিবিষ্ট হোৱা নাই। আনহাতে গ্ৰাহকজনে দুবছৰৰ বাবে ঋণত লোৱা বাহনখনৰ installment দি শেষ হোৱাৰ পাছতো ডিলাৰটোৱে দিয়া নাই ঋণ মুক্ত প্ৰমাণ পত্ৰ।

অকল সেইয়াই নহয় প্ৰত্যেক মাহে দিয়া EMI ৰ বিপৰীতে নিদিয়ে কোনো CASH MEMO। ইপিনে বৰপথাৰৰে আন এজন গ্ৰাহকে এই ডিলাৰটোত গাড়ী চাৰ্ভিচিং কৰাৰ পাছত ডিলাৰৰ নিয়মানুসৰি তেওঁলোকৰ উৰ্দ্ধতম কৃতপক্ষলৈ চাৰ্ভিচিঙৰ প্ৰমাণ প্ৰেৰণ নকৰাত গ্ৰাহকজন বঞ্চিত হব লগা হল WARRANTY ৰ সুবিধাৰ পৰা।

WARRANTY সময়ৰ ভিতৰত থকা স্বত্ত্বেও গ্ৰাহকজনে নিজৰ গাঠীৰ ধন খৰছ কৰি বাহনখন মেৰামতি কৰিব লগা হল। আনহাতে ডিলাৰৰ নিয়মানুসৰি YAMAHA কোম্পানীৰ নিজা অৰিজিনেল পাৰ্টছৰ বাহিৰে বেলেগ ব্ৰেণ্ডৰ সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে যদিও দীৰ্ঘদিনৰ পৰা এই ডিলাৰটোৱে গ্ৰাহকক অৰিজিনেল পাৰ্টছৰ বিপৰীতে কম মূল্যৰ সামগ্ৰী বিক্ৰী কৰি ৰামঠগন দি আহিছে। অকল সেইয়াই নহয় YAMAHA ডিলাৰত YAMAHA কোম্পানীৰ বাহনৰ বাদে আন কোনো কোম্পানীৰ বাহন মেৰামতি কৰিব নোৱাৰে যদিও ডিলাৰটোতনিতৌ tvs, hero, honda, bajaj আদি কোম্পানীৰ বাইক মেৰামতি কৰা দেখা যায়।


ইপিনে সন্দীপ মটৰছ নামৰ য়ামাহা ডিলাৰটোত নাই কোনো কম্পিউটাৰ জনা কৰ্মচাৰী। গ্ৰাহকক নিদিয়ে GST বিল। যাৰ ফলত কৰ ফাঁকিৰে চলাই আছে ডিলাৰটো। উল্লেখ্য যে গোলাঘাট জিলা পৰিবহন বিভাগৰ চকুত ধুলি দি সন্দীপ আগৰৱালা নামৰ ব্যক্তিজনে কেনেকৈ বিতৰ্কিতভাৱে ডিলাৰটো চলাই আছে তাক লৈ এতিয়া বহুজনে প্ৰশ্ন উত্থাপন কৰাৰ লগতে শ্ৰীঘ্ৰেই তদন্তৰ দাবী কৰিছে।

Leave A Reply