বৃহস্পতিবাৰে (17 November)মেটা(META)ই ঘোষণা কৰে যে তেওঁলোকে সন্ধ্যা দেৱনাথনক তেওঁলোকৰ ইণ্ডিয়া ইউনিটৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিছে, যিটো পদত থাকি তেওঁ দেশত কোম্পানীটোৰ ব্যৱসায়ৰ নেতৃত্ব দিব।
মেটাই এক বিবৃতিত কয় যে দেৱনাথনৰ মেটা ইণ্ডিয়াৰ উপাধ্যক্ষ হিচাপে কাৰ্যকাল অহা ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব, আৰু তেওঁ সংস্থাটোৰ নেতৃত্ব দিবলৈ দেশখনলৈ স্থানান্তৰিত হ’ব (তেওঁৰ লিংকডইন প্ৰফাইলৰ মতে, তেওঁ বৰ্তমান ছিংগাপুৰত থাকে)। ৩ নৱেম্বৰত পদত্যাগ কৰা অজিত মোহনৰ পিছত দেৱনাথন; মেটা ইণ্ডিয়াৰ সঞ্চালক তথা অংশীদাৰিত্বৰ মুৰব্বী মনীষ চোপ্ৰাই অন্তৱৰ্তীকালীন ভিত্তিত মোহনৰ পদ গ্ৰহণ কৰিছে।
META INDIAৰ উপাধক্ষ্য হিচাপে সন্ধ্যা দেৱনাথক নিৰ্বাচন কৰা হৈছে। আমাৰ দেশত মেটাৰ ব্যৱসায়ৰ নেতৃত্ব দিব সন্ধ্যাই।
