Breaking

শিৱসাগৰৰ দ’ল কমপ্লেক্সত সংগ্ৰামী সেনা অসমৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

0 581

গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা দিৱসক লৈ জিলা খনৰ দুজনকৈ বিশিষ্ট সমাজকৰ্মীক সম্বৰ্ধনা জ্ঞাপন।আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ দিনাই সংগ্ৰামী সেনা অসম নামৰ জাতীয় সংগঠনটোৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস । শিৱসাগৰৰ দ’ল কমপ্লেক্সত আজি সংগ্ৰামী সেনা অসমৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয় । পুৱাই সংগঠনটোৰ পতাকা উত্তোলন কৰাৰ পাছতে গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে । ৰাজ্যত ঐক্য জনমত গঠন কৰাৰ ক্ষেত্ৰত এই জাতীয় সংগঠনটোৱেও অসমবাসী ৰাইজৰ বৃহৎ স্বাৰ্থত অভূতপূৰ্ব অৰিহণা যোগাই আহিছে । সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন মুকলি সভা আৰু জিলা খনৰ দুজনকৈ বিশিষ্ট সমাজকৰ্মীক সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনাৰ বাবে নিৰ্বাচিত হোৱা ব্যক্তি দুজন ক্ৰমে সমাজকৰ্মী ৰফিকুল হাজৰিকা ওৰফে বাবুজান আনজন সাংবাদিক জিনুল আহেমদ ডাঙৰীয়া । অনুষ্ঠানৰ মুকলি সভাখনৰ সভাপতিত্ব কৰে সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পংকজ খাউণ্ড ডাঙৰীয়াই ।

সভাৰ আঁত ধৰে জিলা সমিতিৰ যুটীয়া সম্পাদক পাৰ্থজ্যোতি নৌকাক্ষই । আমন্ত্ৰিত অতিথি সকলক সম্বৰ্ধনা জনোৱা হয় । সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লুইচ হাজৰিকা, জিলা বিষয়ববীয়া সকল, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰবক্তা প্ৰবীন শৰ্মা, শিৱসাগৰ ব্যৱসায়ী সন্থাৰ সভাপতি বকুল বৰঠাকুৰ, সংবাদকৰ্মী অপূৰ্ব ভূঞা, সদৌ তাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি বসন্ত গগৈ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজিত দত্ত, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান বিষ্ণু শইকীয়া, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যাদৱ গগৈ ডাঙৰীয়া উপস্থিত থাকে। অনুষ্ঠানৰ প্ৰতি লক্ষ্যৰাখি তেখেত লোকে নিজা নিজা ভাষণ আগবঢ়াই । লগতে কলা কৌশলীৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ লগতে স্থানীয় ৰাইজে অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হয়।

Leave A Reply