Breaking

বিবাহিত দম্পতীলৈ ছানিয়া মিৰ্জাৰ পৰামৰ্শ, বিয়াৰ পিছত এই ভুল নকৰিব…

0 72

বিবাহৰ ১৪ বছৰ পিছত ছানিয়া মিৰ্জাই বিবাহ বিচ্ছেদ কৰিছে স্বামী শ্বোয়াইব মালিকৰ সৈতে। তেওঁলোকৰ এজন পুত্ৰ সন্তানো আছে। শেহতীয়াকৈ তেওঁক এটা ভিডিঅ’ত দেখা গৈছে, য’ত তেওঁ বিবাহিত দম্পতীক পৰামৰ্শ দিছে।বিবাহ হৈছে দুজন মানুহৰ মাজত এক পৱিত্ৰ বন্ধন যি বন্ধন প্ৰেম, বিশ্বাস আৰু সন্মানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। বিয়াৰ পিছত দম্পতীহালে নতুন জীৱন আৰম্ভ কৰে আৰু একেলগে বহু উত্থান-পতনৰ সন্মুখীন হয়। কিন্তু, কিছুমান ভুল আছে যিয়ে বিবাহিত দম্পতীৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে।


ছানিয়া মিৰ্জাৰ কোনো পৰিচয়ৰ প্ৰয়োজন নাই। এইগৰাকী ভাৰতীয় টেনিছ খেলুৱৈ এজন ছুপাৰষ্টাৰতকৈও কম নহয়। ক্ৰীড়াৰ জগতখনত নাৰীক গৌৰৱান্বিত কৰা ছানিয়া মিৰ্জাৰ নাম প্ৰত্যেকে জানে। পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকক বিয়া কৰাইও বহু শিৰোনাম দখল কৰিছিল। একে সময়তে ১৪ বছৰীয়া বিবাহৰ অন্তত আকৌ এবাৰ ছানিয়া মিৰ্জা আৰু শ্বোয়াইব মালিকৰ বিবাহ বাতৰিৰ শিৰোনাম। কিন্তু এইবাৰ কাৰণ বিবাহ বিচ্ছেদ আৰু স্বামী শ্বোয়াইবৰ তৃতীয় বিবাহ। ইণ্টাৰনেটত এটা ভাইৰেল ভিডিঅ’ত ছানিয়া মিৰ্জাক বিবাহিত দম্পতীক পৰামৰ্শ দিবলৈ কোৱা হৈছে। এই প্ৰশ্নটো ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী অংকিতা সাহিগালে ছানিয়া মিৰ্জাক সুধিছিল। প্ৰশ্নৰ উত্তৰ দিওঁতে ছানিয়া মিৰ্জাই কৈছিল যে বিয়াৰ পিছত নিজকে সলনি কৰিবলৈ চেষ্টা নকৰিব। বিয়াৰ আগৰ দৰেই হওক। কাৰণ আপোনাৰ সংগীয়েও আপোনাক একেদৰেই ভাল পাইছিল।

বিয়াৰ পিছত সংগীৰ বাবে নিজকে সলনি কৰাটো ভুল। কাৰণ সম্পৰ্কত এবাৰ আনজনৰ সুখৰ বাবে নিজকে সলনি কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ’লে কেতিয়াও বন্ধ নহয়। ইয়াৰ বাবেই আপুনি নিজকে মানসিকভাৱে অশান্তি দিছে। অৱশ্যে নিজৰ ভুল বুজি পোৱা আৰু সেইটো শুধৰোৱাটো সম্পৰ্কৰ বাবে অতি প্ৰয়োজনীয়।


Leave A Reply