Breaking

মাতৃভাষাৰ সমান্তৰালকৈ সংস্কৃত, ইংৰাজী ভাষাৰ চৰ্চা অত্যন্ত জৰুৰীঃ ধ্ৰুৱজ্যোতি শৰ্মা

0 1,134

আমাৰ মাতৃভাষাক গুগলে মান্যতা দিয়াটো পৰম গৌৰৱৰ বিষয় কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে আমি থিয় দি আছো বিশ্ব সভ্যতাৰ দুৰন্ত অগ্ৰগতিৰ সময়ৰথত । সেয়েহে মাতৃভাষাৰ সমান্তৰাল ভাৱে ইংৰাজী আৰু সংস্কৃত ভাষা চৰ্চা কৰিবলৈ নতুন প্ৰজন্মক প্ৰোৎসাহিত কৰিব লাগিব । এই মন্তব্য বিশিষ্ট সাহিত্যিক ,নাট্যকাৰ তথা নলবাৰী জিলা সাহিত্য সভাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ ।।  শংকৰী সাহিত্যৰ অনুগামী , বিশিষ্ট শিক্ষাব্ৰতী সুধন্না ৰাজবংশী  ৰচিত ” বেদাদিৰ তত্ব ” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি ঘগ্ৰাপাৰৰ সমীপৱৰ্তী দীহজাৰী গাৱঁৰ এক জনাকীৰ্ণ অনুষ্ঠানত শৰ্মাই পুনৰ কয় যে বেদ চাৰিটা ভাগত বিভক্ত , সেয়া হৈছে মন্ত্ৰ , ব্ৰাহ্মণ , আৰণ্যক আৰু উপনিষদ । বেদৰ চৰমতত্ব হোৱা বাবে উপনিষদ সমূহৰ নাম বেদান্ত । ইয়েই ব্ৰহ্ম বিদ্যা । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বেদান্ত দৰ্শনৰ দ্বাৰা প্ৰভাৱান্বিত হৈ নামধৰ্ম প্ৰৱৰ্তন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল ধনাঢ্য কৰি থৈ গৈছে ।

সংস্কৃত সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তেওঁ আকৌ কয় যে শংকৰদেৱ সংস্কৃত সাহিত্যৰ মহাপণ্ডিত আছিল , সেয়েহে তেওঁৰ ভাষাশৈলী , বৰ্ণনা মধুস্বাদী আৰু উচ্চ মানৰ আছিল । বিশিষ্ট শিক্ষাব্ৰতী  সৰ্বেশ্বৰ মজুমদাৰে সভাপতিত্ব কৰা আৰু শংকৰদেৱ সংঘ ,নলবাৰী জিলাৰ সাহিত্য শাখাৰ সম্পাদক মৃগেন কলিতাই আঁত ধৰা  সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সাহিত্যসেৱী তথা নলবাৰী জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদক কৰ্ণধৰ বৰ্মনে । বৰ্মনে লেখক সুধন্না ৰাজবংশীৰ জীৱন আলোকপাত কৰি অসীম দুখ, কষ্ট, আৰু দুৰ্লংঘ্য বাধা অতিক্ৰম কৰি কৃষ্ণৰ সেৱাত ব্ৰতী পৰম ভক্ত বুলি কয় । অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি ৰাজ্যিক বাণিজ্য সম্প্ৰসাৰণ সংগঠনৰ উপাধ্যক্ষ মধুৰাম ডেকাই কয় সনাতন ধৰ্মৰ ভিন্ন পন্থা থাকিব পাৰে কিন্তু আমাৰ মূল একেটাই । আমি সকলো পৰমব্ৰক্ষ্মৰ সন্তান আৰু সনাতন আমাৰ পৰিচয় । সভাত নামধৰ্মৰ প্ৰচাৰক সুবক্তা মনিৰাম দাস , অৱসৰপ্ৰাপ্ত শিক্ষক চানাৰাম দাসেও হৃদয়গ্ৰাহী ভাষণ ৰাখি গাম্ভীৰ্যপূৰ্ণ সভাৰ সৌস্তভ বৰ্দ্ধিত কৰে । বনমালী ৰাজবংশীৰ সুন্দৰ টোকাৰী গীতে অনুষ্ঠানত নতুন মাত্ৰা প্ৰদান কৰে । শলাগৰ শৰাই আগবঢ়াই শিক্ষক সূৰ্য ৰাজবংশীয়ে।

Leave A Reply