Breaking

আজিৰে পৰা  দীপৰ বিল সুৰক্ষা মঞ্চৰ গছপুলি ৰোপণ অভিযান            

0 148

প্ৰকৃতিৰ ৰম্যভূমি  দীপৰ বিলৰ স্বাভাৱিক জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে নতুনকৈ গঠন হোৱা  দীপৰ বিল সুৰক্ষা মঞ্চই ছাত্ৰ – ছাত্রীকে ধৰি সাধাৰণ ৰাইজৰ মাজত পৰিবেশ সচেতনা সৃষ্টিৰ বাবে ব্যাপক গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰথম পৰ্যায়ত  দীপৰ বিলকে ধৰি  দাঁতি-কাষৰীয়া অঞ্চলৰ ৰাইজৰ সুস্থ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত  গছপুলি ৰোপণ  কৰা হব ।

ইয়াৰ অংশ হিচাপে দীপৰ বিলৰ কাষৰীয়া আৰু গড়চুকৰ সমীপৰ ম‌ইনাখোৰোং পদ্মৰাম  ভড়ালী খেলপথাৰত অহা ১১ মে’ত পুৱা  ৯.৩০ বজাত  ইয়্ং গ্ৰীণ ক্লাৱৰ সৌজন্যত ৪৭ সংখ্যক  পূৱ ৰামছাৰাণী বিহু সন্মিলনীৰ  পতাকা উত্তোলনৰ পিছত গছপুলি ৰোপণ কৰা হব ।

তেনেদৰে  ১৪ মে’ত পুৱা ৯-৩০ বজাত দীপৰ বিলৰ কাষৰীয়া  দেউছটাল নৱজ্যোতি সংঘ খেলপথাৰ প্ৰাঙ্গণত ৩৪  সংখ্যক  বহাগী বিদায়ী সন্মিলনৰ পতাকা উত্তোলনৰ পাছতে  গছপুলি ৰোপণ  কাৰ্যসূচী হাতত লোৱা হৈছে। আনহাতে  দীপৰ বিল সুৰক্ষা মঞ্চৰ  সভাপতি হেনৰী ডেভিড টেৰণ , সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে এটা বিবৃতিত দুয়োটা দিনতে গছপুলি ৰোপণ কাৰ্যসূচীত মঞ্চৰ  সমূহ বিষয়ববীয়া আৰু সদস্য-সদস্যা সকলোকে  যথা সময়ত উপস্থিত থাকি  কাৰ্যসূচী সফল কৰিবলৈ অনুৰোধ জনাইছে । । 

Leave A Reply