Breaking

‘বছৰটোত কাৰ্তিকৰ সৈতে বিচ্ছেদ হৈছিল’ সেয়ে দুৰ্ভাগ্যজনক বছৰ বুলি অভিহিত কৰে ছাৰা আলী খানে…

0 89

বি-টাউনৰ বিখ্যাত অভিনেত্ৰী ছাৰা আলী খানে ২০২০ চনক দুৰ্ভাগ্যজনক বছৰ বুলি অভিহিত কৰিছে। ইয়াৰ সমান্তৰালকৈ ছাৰা আলী খানে নিজৰ ব্ৰেকআপ সন্দৰ্ভত কিছু কথা কয়। শেহতীয়াকৈ ছাৰা আলী খানে ২০২০ বৰ্ষৰ বিষয়ে মুকলিকৈ কৈছে। অভিনেত্ৰীগৰাকীয়ে কয় যে বিগত বছৰ ২০২০ চনটো তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ বাবে অতিশয় অশুভ আছিল। ছাৰাই কয় যে ২০২০ চনৰ আৰম্ভণিতেও তেওঁৰ ব্ৰেকআপ হৈছিল।

২০২০ চনটো ছাৰাৰ বাবে বৰ বেয়া আছিল

শেহতীয়াকৈ ছাৰা আলী খানে ৰণবীৰ আল্লাহবাদিয়াৰ প’ডকাষ্টত ২০২০ বৰ্ষৰ বিষয়ে মুকলিকৈ কয়। প’ডকাষ্ট শ্ব’ৰ সময়ত ছাৰা আলী খানে কয় যে – ২০২০ বৰ্ষটো তেওঁৰ বাবে অন্যতম বেয়া বছৰ। সেই বছৰটো মোৰ ব্ৰেকআপৰ পৰাই আৰম্ভ হৈছিল, তাৰ পিছত ছবিৰ নন-ৰাণটোও হতাশাজনক আছিল। এই বছৰৰ বেছিভাগ সময় ইণ্টাৰনেটত কটালোঁ, ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়াও হ’ল।

জানিব পৰা মতে ছাৰা আলী খান ছুপাৰষ্টাৰ কাৰ্তিক আৰিয়ানৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। এনে পৰিস্থিতিত ছাৰাৰ শেহতীয়া বক্তব্যৰ পিছত অনুমান কৰা হৈছে যে ২০২০ চনত ছাৰাৰ ব্ৰেকআপ হৈছে কাৰ্তিকৰ সৈতে। কেৱল এয়াই নহয়, ২০২০ চনত ছাৰা আলী খানৰ দুখন ছবি ‘লাভ আজ কল’ আৰু ‘কুলি নং ১’ও ফ্লপ হৈছিল।

Leave A Reply