Breaking

শিৱৰাত্ৰি পূজা পালন কৰাৰ বাবে ট্ৰলৰ সন্মুখীন ছাৰা আলী খান ! বহুতে ইছলাম ধৰ্ম ত্যাগ কৰিবলৈও ক’লে…

0 77

মহা শিৱৰাত্ৰিত ভগৱান শিৱক পূজা কৰাৰ বাবে ট্ৰলৰ সন্মুখান ছাৰা আলী খান, সুশান্ত সিং ৰাজপুত অভিনীত কেদাৰনাথৰ সৈতে অভিষেক ঘটোৱা ছাৰা আলী খান শেহতীয়াকৈ ট্ৰলৰ সন্মুখীন হৈছে। ছাৰাই মহা শিৱৰাত্ৰি উপলক্ষে ভগৱান শিৱ মূৰ্তিৰ সন্মুখত বহি থকা ফটো পোষ্ট কৰে। কেপচনত লিখিছে “জয় ভোলেনাথ”।ছাৰাৰ মাতৃ হিন্দু , পিতৃ ছাইফ আলী খান মুছলমান । ভাৰত যিহেতু ধৰ্মনিৰপেক্ষ, সেইবাবে ছাৰাই মাক-দেউতাকে পালন কৰা দুয়োটা ধৰ্মকে সদায় গ্ৰহণ কৰি আহিছে, মূল্য দিছে আৰু সন্মান জনাই আহিছে। অৱশ্যে ধৰ্মৰ বাবে তাই প্ৰায়ে ট্ৰলৰ টাৰ্গেট হৈ পৰে।

তাইৰ ফটো পোষ্ট কৰাৰ লগে লগে কমেণ্ট ছেকচনত ট্ৰ’লাৰসকলে বিভিন্ন মন্তব্য আগবঢ়াই। এয়া প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ পূৰ্বেও ছাৰা আলী খানক তেওঁৰ ঘনিষ্ঠ বান্ধৱী তথা অভিনেত্ৰী জাহ্নৱী কাপুৰৰ সৈতে কেদাৰনাথ মন্দিৰ ভ্ৰমণ কৰাৰ বাবে ট্ৰ’ল কৰা হৈছিল। হিন্দু দেৱতাক প্ৰাৰ্থনা কৰাৰ বাবে একাংশ লোকে তাইক গালি দিয়াৰ উপৰিও আন কিছুমানে তাইৰ ধৰ্মক লক্ষ্য কৰি লৈছিল।

Leave A Reply