Breaking

ঐতিহাসিক বিটিআৰ চুক্তিৰ বিৰোধী সকলৰ বিৰুদ্ধে সৰৱ এবছুৰ

0 1,042

যোৱা ৬ মাৰ্চ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইগৰাকীমান ব্যক্তিয়ে বিটিআৰ চুক্তিৰ বিৰোধ কৰি ৰাজহুৱা স্বাৰ্থ জনিত এক আবেদন দাখিল কৰিছিল । উক্ত আবেদনক কেন্দ্ৰ কৰি সৰব হৈ উঠিছে নিখিল বড়ো ছাত্ৰ সন্থা। নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি বিটিআৰৰ পাঁচ খন জিলাৰ লগতে অসমৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। তামুলপুৰতো আজি তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱা আবেদন দাখিল কৰা ছাঞ্চুমা খুংগুৰ বসুমতাৰী, জনক লাল , খাম্ফা বৰগয়াৰী, চন্দন ব্ৰহ্মৰ প্ৰতিমূৰ্ত্তি দাহন কৰে । প্ৰতিবাদকাৰী সকলে বিটিআৰ চুক্তিৰ ৰূপায়ণ কৰক , জাতিদ্ৰোহী সকল হুছিয়াৰ , এবছু জিন্দাবাদ আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে

প্ৰতিবাদ কৰ্মসূচীৰ জড়িয়তে এবছুৱে উক্ত ব্যাক্তি সকলক জাতিদ্ৰোহী আখ্যা দিয়াৰ লগতে এনে ধৰণৰ বড়ো জাতিক ক্ষতি কৰিৱ পৰা কাম কাজৰ পৰা বিৰত থাকিবলৈ সকীয়নি দিয়ে ।

Leave A Reply