“পঞ্চায়তী ৰাজব্যৱস্থাত মূল্যবোধ প্ৰতিষ্ঠাৰ জৰিয়তে সুশাসনৰ এক মজবুত ভেটি গঢ়ি তুলিব লাগিব”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । Sarbananda Sonowal

  • বিভিন্ন জাতিজনজাতিৰ মাজত সংঘাত সৃষ্টি কৰি বিভাজনৰ ৰাজনীতি কৰাটোৱেই আছিল কংগ্ৰেছৰ মূল উদ্দেশ্য“: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
  • বিগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মাকুম বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীসকলক কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে এক বিশেষ দলীয় অনুষ্ঠানত অভিনন্দন জনায়
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সমউন্নয়ন আৰু সমবিকাশৰ নীতিৰ জৰিয়তে সামাজিক ন্যায় প্ৰতিষ্ঠা “: সোণোৱাল
  • হত্যা, হিংসা আৰু অশান্তিৰ বাহিৰে কংগ্ৰেছে আমাক একোৱে দিব পৰা নাছিল”: সোণোৱাল

১৮ জুন ২০২৫: Sarbananda Sonowal । চলিত বৰ্ষৰ বিগত পঞ্চায়ত নিৰ্বাচনত মাকুম বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰি যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু বিজয়ৰ ন অধ্যায় লিপিবদ্ধ কৰিছে। এইসকল দলীয় প্ৰাৰ্থীক আজি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে মাকুমত আয়োজিত এক বিশেষ দলীয় অনুষ্ঠানত অভিনন্দন জ্ঞাপন কৰে আৰু পঞ্চায়তীৰাজ ব্যৱস্থাত মূল্যবোধ প্ৰতিষ্ঠাৰ জৰিয়তে সুশাসনৰ মজবুত ভেটি গঢ় দিয়াৰ দিশত নিষ্ঠাৰে কাম কৰিবলৈ সকলোকে আহ্বান জনায়। পঞ্চায়ত নিৰ্বাচনত গ্ৰহণ কৰা সক্ৰিয় ভূমিকা আৰু সাংগঠনিক সশক্তিকৰণৰ দিশত আগবঢ়োৱা সমৰ্পিত সেৱাৰ বাবে এইছেগতে মাকুম বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰো শলাগ লয় সোণোৱালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত গ্ৰামাঞ্চলৰ সৰ্বাংগীণ প্ৰগতি আৰু সমৃদ্ধিৰ জৰিয়তে এখন বিকশিত তথা আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে সংকল্পবদ্ধ হ’বলৈ কাৰ্যকৰ্তাসকলক আহ্বান জনায় সোণোৱালে।

তদুপৰি আজি এই অনুষ্ঠানতে জ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে সোণোৱালে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “নতুনকৈ গঠিত মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলো পঞ্চায়তত অনুষ্ঠিত ত্ৰিস্তৰীয় পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰা ভাৰতীয় জনতা পাৰ্টিৰ সমূহ প্ৰাৰ্থীক মই আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকৰ নিষ্ঠাপূৰ্ণ অংশগ্ৰহণ আৰু বিজয়ে এই সমষ্টিত আমাৰ দলৰ সাংগঠনিক ভিত্তি পুনৰবাৰ সুদৃঢ় কৰিছে। এই সফলতাৰ বাবে দলৰ নিষ্ঠাবান কৰ্মী, ৰাইজ তথা প্ৰাৰ্থীসকল ধন্যবাদৰ পাত্ৰ। গাঁও পঞ্চায়তসমূহক দুৰ্নীতিমুক্ত কৰি ৰাখি, স্বচ্ছ আৰু নিকা নীতিৰে পঞ্চায়তৰ প্ৰতিনিধিসকলে ৰাইজৰ প্ৰতি দায়িত্বশীল হ’ব লাগিব। এয়া আমাৰ মৌলিক দায়িত্ব আৰু কৰ্তব্য, যিটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। প্ৰতিনিধিসকলে নিজৰ দায়িত্ব সততাৰে পালন কৰিলে সুনাম অৰ্জন কৰিব পাৰে। যেনেকৈ অলিম্পিকৰ সাফল্য এদিনতে আৰ্জিত নহয়, ঠিক তেনেকৈ দেশীয় ৰাজনীতিত সাফল্য‌ও এদিনতে গঢ় লৈ নুঠে। উভয় ক্ষেত্ৰতে তৃণমূল পৰ্যায়ৰ গুৰুত্ব অপৰিসীম। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থীসকল জয়ী হৈছে বা নহৈছে, আমি সকলো একেখন নাৱৰে সহযাত্ৰী। আমি একেলগে ৰাইজৰ সেৱাত নিজকে সমৰ্পণ কৰিব লাগিব।”

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি সোণোৱালে কয়, “কংগ্ৰেছৰ শাসনকালত আমাৰ দেশখনক বিশ্বৰ দুৰ্বল দেশৰ শাৰীত গণ্য কৰা হৈছিল আৰু আমাৰ ৰাজ্যখনো দেশৰ ভিতৰত অন্যতম পিছপৰা ৰাজ্যৰ শাৰীত আছিল। আমি বিভিন্ন মৌলিক সমস্যাৰে জৰ্জৰিত আছিলোঁ। বাট-পথ, ঘৰ, বিদ্যুৎ, চিকিৎসালয়, বিদ্যালয়, নিয়োগ, উদ্যোগ আদিৰ প্ৰসাৰৰ পৰা আমি বঞ্চিত আছিলোঁ। ফলত উগ্ৰপন্থী সমস্যাই ইয়াত গা কৰি উঠিছিল। হত্যা, হিংসা আৰু অশান্তিৰ বাহিৰে কংগ্ৰেছে আমাক একোৱে দিব পৰা নাছিল। তদুপৰি বিভিন্ন জাতি-জনজাতিৰ মাজত সংঘাত সৃষ্টি কৰি বিভাজনৰ ৰাজনীতি কৰাটোৱেই আছিল কংগ্ৰেছৰ মূল উদ্দেশ্য। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগমনৰ পাছতেই এই পৰিস্থিতি সম্পূৰ্ণ সলনি হৈ গ’ল। তেখেতৰ সম-উন্নয়ন আৰু সম-বিকাশৰ নীতিৰ জৰিয়তে সমাজত ন্যায় প্ৰতিষ্ঠা হ’ল।

তেখেতৰ সাৰ্বজনীন নীতিৰ ফলত আজি ভাৰতবৰ্ষ বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰ শাৰীলৈ উন্নীত হৈছে। ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ চৰকাৰৰ এই এঘাৰ বছৰীয়া সফল যাত্ৰাত আমি সকলোৱে অংশীদাৰ। এই যাত্ৰা আমাৰ সকলোৰে সন্মিলিত যাত্ৰা। আমি ৰাইজৰ ভালৰ বাবে কাম কৰি গ’লে এই যাত্ৰা অবিৰতভাৱে আগবাঢ়ি থাকিব। আমি বাৰে বাৰে ক’ব লাগিব— ‘ভাল কামৰ ভাল ফল পায় আৰু বেয়া কামৰ ফলত ৰাইজৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়’। ৰাইজৰ পৰা পোৱা প্ৰশংসাতকৈ ডাঙৰ আনন্দ আৰু একো থাকিব নোৱাৰে। আনহাতে, ৰাইজৰ বিৰুদ্ধাচৰণ কৰিলে কি পৰিণতি হয়, তাৰ প্ৰমাণ কংগ্ৰেছৰ বৰ্তমানৰ দুৰ্দশাত সুস্পষ্ট। স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আমি অসমৰ ভেটি শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব। বিভিন্ন জাতি-জনজাতি, ধৰ্ম, ভাষা-ভাষী লোকৰ সৈতে সমন্বয়ৰ যোগেদি আমি সকলো বাধা অতিক্ৰম কৰি উন্নয়নৰ পথত ক্ষিপ্ৰতাৰে আগবাঢ়িব যাব লাগিব।”

আজিৰ এই সময়ছোৱাত লগতে উপস্থিত থাকে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী সঞ্জয় কিষাণ, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক শ্ৰী পুলক গোহাঁই, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি শ্ৰী কুশকান্ত বড়া, সাধাৰণ সম্পাদক শ্ৰী দিগন্ত পাদুন, ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক শ্ৰী ত্ৰিদীপজ্যোতি মৰাণ, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী অৰুণজ্যোতি মৰাণ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী অসীম হাজৰিকা, ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা শ্ৰী ভবেন শৰ্মা, শ্ৰী শিৱজী ডুবে, মণ্ডল সভাপতিসকল প্ৰমুখ্যে সতীৰ্থবৃন্দ।

Related Articles