Breaking

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানমৰ্মে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিনিধিবৰ্গৰ সৈতে ডিব্ৰুগড়ত তেওঁৰ বৈঠক অনুষ্ঠিত

0 63
  • কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ সৈতে সৰ্বানন্দ সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ
  • আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি সম্প্ৰচাৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তাৎক্ষণিকভাৱে ইতিবাচক ব্যৱস্থা ল’বলৈ সচিবক আহ্বান জনায় সোণোৱালে

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়াৰ বাবে বিভিন্ন মহলত চৰ্চা হৈ থকাৰ সময়তে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানমৰ্মে তেখেতৰ ডিব্ৰুগড়স্থিত বাসগৃহত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক আলোচনা অনুষ্ঠিত হয়। আলোচনাকালত প্ৰতিনিধিসকলে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়াৰ বিষয়টোৰ লগতে অন্যান্য সমস্যাসমূহৰ বিষয়ে সৰ্বানন্দ সোণোৱালক বিতংকৈ অৱগত কৰে। সোণোৱালে তেওঁলোকৰ মতামত আৰু সমস্যাসমূহ ভালদৰে শুনে আৰু এই সন্দৰ্ভত ডিব্ৰুগড়ৰপৰাই কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ সৈতে তেওঁ টেলিফোনযোগে বাৰ্তালাপ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা অসমীয়া বাতৰি সম্প্ৰচাৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তাৎক্ষণিকভাৱে ইতিবাচক ব্যৱস্থা ল’বলৈ সচিবগৰাকীক সোণোৱালে আহ্বান জনায়। অতি শীঘ্ৰেই নতুন দিল্লীলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উক্ত বিষয়ত মন্ত্ৰালয়টোৰ সচিবৰ সৈতে খৰচি মাৰি আলোচনা কৰিব বুলি উল্লেখ কৰে।

Leave A Reply