Breaking

এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে ব’হাগৰ প্ৰাণৱন্ত ক্ষণত পণ লোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 75

ব’হাগৰ প্ৰাণৱন্ত ক্ষণত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ জকাই আঞ্চলিক ৰঙালী বিহু সন্মিলন আৰু মাজুলী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অংশগ্ৰহণ কৰে।

প্ৰথমতে ডিব্ৰুগড়ৰ হাৰকপথাৰত জকাই আঞ্চলিক ৰংগমঞ্চৰ শুভ উদ্বোধন কৰাৰ উপৰি জকাই আঞ্চলিক ৰঙালী বিহু সন্মিলনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

সৰ্বস্তৰৰ লোকে উলহ-মালহেৰে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত পৰিৱেশিত পৰম্পৰাগত বিহুনাচ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী তেখেতে উপভোগ কৰে। অনুষ্ঠানত আজি লগতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল। মাজুলীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক স্থানীয় বিধায়ক ভুৱন গাম প্ৰমুখ্যে স্থানীয় নেতাসকলেও সংগ দিয়ে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয়, “সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে গীতৰ মাজেৰে কৈ গৈছে- ব’হাগ অসমীয়া জাতিৰ আয়ুসৰেখা। এই ব’হাগতে আমাৰ অসমীয়া জাতিয়ে নতুন ৰূপত উজ্জীৱিত হৈ উঠে। মলিয়ন পোছাক সলাই কোমল কুঁহিপাতেৰে তৰু-তৃণই আদৰণি জনোৱা বসন্ত ঋতুত কুলি-কেতেকীৰ মিঠা মাতে ৰচনা কৰা সুৰৰ মূৰ্চ্ছনাই সকলোকে মোহিত কৰে। এনে এক প্ৰাণৱন্ত পৰিৱেশত উদযাপন কৰা ব’হাগ বিহুৱে প্ৰতিজন অসমীয়াৰ বুকুত নতুন আশা আৰু উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰে। সেয়েহে বিহুনামতে আছে- “কৈনো কৈ থাকিলে ওৰকে নপৰে ব’হাগৰ বিহুৰে কথা”। বাপতিসাহোন এই ৰঙালী বিহুৰ ঐতিহ্য তথা পৰম্পৰা অটুট ৰাখি আয়োজিত ত্ৰয়োদশ দ্বি-বাৰ্ষিক জকাই আঞ্চলিক ৰঙালী বিহু সন্মিলনত অংশগ্ৰহণ কৰি মই আপ্লুত হৈছোঁ। বিহুৰ স্বকীয়তা তথা ধাৰাবাহিকতা বৰ্তাই ৰখাত আমি সকলোৱে সক্ৰিয় ভূমিকা পালন কৰিব লাগিব। ৰঙালী বিহু সন্মিলনখনিৰ সৰ্বতোপ্ৰকাৰৰ সফলতা কামনা কৰি আয়োজক সমিতিৰ লগতে শ্ৰদ্ধাৰ ৰাইজলৈ মোৰ তৰফৰপৰা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ব’হাগে সাতামপুৰুষীয়া সমন্বয় সুদৃঢ় কৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি, সমৃদ্ধি আৰু আঁতৰাই নিয়ক সমাজৰ সকলো অপায়-অমংগল, অসূয়া-অপ্ৰীতি।”

তদুপৰি, সোণোৱালে কয়, “চলিত অমৃতকালত ভাৰতক উন্নয়নৰ নৱ শিখৰত উপনীত কৰাটো আমাৰ চৰকাৰৰ প্ৰধান লক্ষ্য। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০৪৭ চনৰ ভিতৰত অৰ্থাৎ দেশৰ স্বাধীনতাপ্ৰাপ্তিৰ এশ বছৰৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বতে আমাৰ দেশখনে এতিয়া বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। কৃষক, যুৱপ্ৰজন্ম, উদ্যোগী, উদ্যমী, মহিলা, খেলুৱৈ, বিধৱা, বৃদ্ধ, আৰ্থিকভাৱে পিছপৰা আদি সমাজৰ সৰ্বস্তৰৰ লোকেই এতিয়া আশাৰ নতুন কিৰণ দেখিবলৈ পাইছে। আমাৰ চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিয়ে হিতাধিকাৰীসকলক যথেষ্ট উপকৃত কৰিছে। মোদী ডাঙৰীয়াৰ আন্তৰিকতা, দূৰদৰ্শিতা আৰু সদিচ্ছাৰ ফলশ্ৰুতিতেই কংগ্ৰেছে দশক দশকজোৰা অপশাসনেৰে পিছুৱাই ৰখা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি আৰু উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত ডিব্ৰুগড় জিলায়ো যথেষ্ট অগ্ৰগতি লাভ কৰিছে। আধুনিক প্ৰযুক্তিবিদ্যা আৰু প্ৰতিযোগিতাৰ এই যুগত ভাৰতে ৰূপান্তৰৰ যি নতুন বাটেৰে তীব্ৰগতিত আগুৱাই গৈছে, এই যাত্ৰাত আমি প্ৰতিজন অসমীয়া, প্ৰতিজন ভাৰতীয় অংশীদাৰ হ’ব লাগিব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ গতিক সবল ৰূপ প্ৰদান কৰিব লাগিব।”

Leave A Reply