Breaking

মহাৰাষ্ট্ৰ বিধানসভাত সৰোজ বাবুলালে কোলাত এটি নৱজাত কেঁচুৱা লৈ উপস্থিত হয় অধিৱেশনত…

0 56

আন্তঃৰাজ্যিক সীমা বিবাদক লৈ কোনো ৰাজনীতি হ’ব নালাগে বুলি মন্তব্য কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে।

ভগত সিং কোশ্যাৰীৰ মন্তব্যকে ধৰি কৰ্ণাটকৰ সৈতে সীমা বিবাদৰ বিষয়টো উত্তপ্ত হ’ব পাৰে। আনহাতে, এন চি পিৰ বিধায়ক সৰোজ বাবুলাল আহিৰে আজি অধিৱেশনত অংশগ্ৰহণৰ বাবে নৱজাত কেঁচুৱা লৈ মহাৰাষ্ট্ৰ বিধানসভাত উপস্থিত হয়।

সৰোজ বাবুলাল কোলাত এটি নৱজাত শিশু লৈ আহি উপস্থিত হয়, যাৰ ছবি চৰ্চালৈ আহিছে। সংবাদ সংস্থা এএনআইৰ মতে, ৩০ ছেপ্টেম্বৰত মাতৃ হোৱা সৰোজে আজি শীতকালীন অধিবেশনত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সৰোজে কয় যে ক’ৰোনা ভাইৰাছৰ বাবে যোৱা ২.৫ বছৰে নাগপুৰত কোনো অধিৱেশনৰ আয়োজন কৰা হোৱা নাছিল ৷

শেহতীয়া আপডেট অনুসৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে বিধানসভাত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ মাজত সীমা বিবাদৰ কথা কওঁতে কয় যে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আন্তঃৰাজ্যিক সীমা বিবাদৰ মধ্যস্থতা কৰিছে। এই বিষয়ত এতিয়া ৰাজনীতি হ’ব নালাগে। আমি সীমান্তবাসীৰ সৈতে একেলগে থিয় দিব লাগিব।

Leave A Reply