Breaking

চিলাপথাৰৰ মাদুৰিপথাৰত সতী জয়মতী স্মৃতি দিৱস উদযাপন

0 226

অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালি মাদুৰিপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনৰ লাচিত ক্ষেত্ৰত মাদুৰিপথাৰ মহিলা সমাজ আৰু ধেমাজি জিলা লেখিকা সমাজৰ যৌথ উদ্যোগত আজি চতুৰ্থ বাৰ্ষিক সতী জয়মতী স্মৃতি দিৱস উদযাপন কৰে | কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভানেত্ৰী চুনুমনি বৰুৱাই , শ্বহীদ তৰ্পন কৰে ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈয়ে ।

ইয়াৰ পাছত লাচিতৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা চাও দুলাল বৰুৱাই , জয়মতীৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন কৰে চিলাপথাৰ মজলীয়া বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সোনপাহি ফুকনে ,জয়মতীৰ ফলক উন্মোচন কৰে মাদুৰিপথাৰ মহিলা সমাজৰ সম্পাদিকা যোগ গগৈয়ে , স্বৰ্গীয়া কল্পনা শইকীয়াৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আঁত ধৰে মাদুৰিপথাৰ মহিলা সমাজে , বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে ধেমাজি জিলা লেখিকা সমাজৰ সভানেত্ৰী জয় জ্যোতি চুতীয়াই । ইয়াৰ পাছতেই চিলাপথাৰ ভক্তি মন্থন দিহা নাম দলৰ নাম পৰিবেশনেৰে মঞ্চ উদ্ধোধন কৰা হয় ।

Leave A Reply