Breaking

১৫ কোটি টকাৰ বাবে হত্যা কৰা হৈছিল সতীশ কৌশিকক ! এগৰাকী মহিলাৰ দাবী…

0 146

প্ৰয়াত অভিনেতা সতীশ কৌশিকৰ মৃত্যুক লৈ চৰ্চালৈ আহিছে এক চাঞ্চল্যকৰ দাবী। এগৰাকী মহিলাই দিল্লী আৰক্ষীক এজাহাৰ দি সতীশ কৌশিকক হত্যা কৰা বুলি দাবী কৰিছে। এই মহিলাগৰাকী আন কোনো নহয় সতীশ কৌশিকৰ বন্ধু আৰু ব্যৱসায়ী বিকল মালুৰ পত্নী। মহিলাগৰাকীয়ে দাবী কৰিছে যে তেওঁৰ স্বামীয়ে ১৫ কোটি টকাৰ বিবাদক লৈ সতীশ কৌশিকক হত্যা কৰিছিল। আৰক্ষীক দিয়া এজাহাৰত মহিলাগৰাকীয়ে কয় যে কেইবছৰমান পূৰ্বে তেওঁৰ স্বামীয়ে সতীশ কৌশিকৰ পৰা ১৫ কোটি টকা লৈছিল। কিন্তু ধন ঘূৰাই দিবলৈ তেওঁৰ স্বামীৰ হাতত টকা নাছিল, সেয়েহে এই বিবাদক লৈ তেওঁ হত্যা কৰিছে বুলি অভিযোগ তুলিছে।
হত্যাৰ কোনো প্ৰমাণ পোৱা নাই আৰক্ষীয়ে-

এক প্ৰতিবেদন অনুসৰি এই সন্দৰ্ভত সতীশ কৌশিকৰ অস্বাভাৱিক মৃত্যুৰ সম্ভাৱনা অস্বীকাৰ কৰিছে দিল্লী আৰক্ষীয়ে। মহিলাগৰাকীয়ে দিল্লী আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ সত্যাসত্য নিৰূপণ কৰিব পৰা নগ’ল বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে। কিন্তু সূত্ৰটোৱে লগতে কয় যে এই কথিত অভিযোগৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও অহা নাই, জড়িত আৰক্ষী বিষয়াসকলে অভিযোগৰ সত্যতা হয় নিশ্চিত কৰিব নহয় অস্বীকাৰ কৰিব।

কোনো ধৰণৰ ষড়যন্ত্ৰ মানি লোৱা নাই পৰিয়ালটোৱে-

একে সময়তে ঘনিষ্ঠ বন্ধুসকলে কয় যে সতীশ কৌশিকৰ মৃত্যুক লৈ যিকোনো ফাউল প্লে’ৰ দাবী সঁচা নহয়। সতীশ কৌশিকৰ কাৰ্ডিয়াক এৰেষ্ট হৈ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুত কোনো ষড়যন্ত্ৰ নাছিল। ইয়াৰ পূৰ্বে কালি দিল্লী আৰক্ষীয়েও এক বিবৃতি প্ৰকাশ কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰাৰম্ভিক প্ৰতিবেদন লাভ কৰাৰ লগতে ক’ৰ’নাৰী ধমনী ৰোগৰ সৈতে জড়িত ক’ৰ’নাৰী ধমনী বন্ধ হোৱাৰ বাবে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা বুলি উল্লেখ কৰা হৈছে।

Leave A Reply