Breaking

সত্য ৰঞ্জন বৰাৰ হোজাইত বেচৰকাৰী সংস্থা মাৰ্কাজুল মা-আৰিফৰ বিৰুদ্ধে গোচৰ

0 1,136

হোজাই, ৬ ডিচেম্বৰ: মৌলানা বদৰুদ্দিন আজমলৰ গৃহ চহৰ হোজাইত হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাৰ হুংকাৰ, হোজাইত উপস্থিত হৈ বদৰুদ্দিন আজমলৰ দ্বাৰা পৰিচালিত বে চৰকাৰী সংস্থা মাৰ্কাজুল মা-আৰিফৰ বিৰুদ্ধে গোচৰ। বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেচনে লাভ কৰা পুঁজি সম্পৰ্কে লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা বেচৰকাৰী সংগঠনে প্ৰকাশ কৰা কিছু তথ্যৰ ভিত্তিত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত বাতৰি শিৰোনাম দখল লিখিছিল। বাতৰিত লিখা হৈছিল যে ফৰেইন কন্ট্ৰিবিউশ্যন ৰেগুলেচন এক্ট ভংগ কৰি সন্ত্ৰাসবাদী সংগঠনক সহায় কৰাৰ অভিযোগ থকা কেইবাটাও বিদেশী সংগঠনৰ বিদেশী পুঁজি লাভ কৰিছিল আৰু বাতৰি কাকত কেইখনত আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে বিদেশী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগো উত্থাপন কৰিছিল। এনে প্রতিবেদনৰ ভিত্তিতে সত্য ৰঞ্জন বৰাই হোজাই থানাত উপস্থিত হৈ আজমলৰ সংস্থা  মাৰ্কাজুল মা-আৰিফৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। গোচৰ নম্বৰ ৮৪৮/২০ ভাৰতীয় দণ্ডবিধিৰ ১২০বি/১২৪এ/৪২০ ৰ অধীনত ৰুজু কৰা হয়। চেকচন ১৩ৰ ফৰেইন এক্সেঞ্জ মেইন্টেনেঞ্চ আইন তথা চেকচন ৩৩ (এ) (বি) ফৰেন কন্ট্ৰিবিউচন (ৰেগুলেচন) সহ পাঠ কৰা হয়।উল্লেখ্য যে ইয়াপূৰ্বেও শুক্রবাৰে সত্য ৰঞ্জন বৰাই এনে অভিযোগৰ সম্পর্কত বদৰুদ্দিন আজমলৰ দ্বাৰা পৰিচালিত অন্য এক সংস্থা আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে গুৱাহাটিৰ দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল। অন্যহাতে শনিবাৰে সাংসদ বদৰুদ্দিন আজমলে হোজাইস্থিত নিজ বাসভবনত সংবাদমেল পাতি এনে অভিযোগ পূৰ্ণচাতে নাকচ কৰে। বদৰুদ্দিন আজমলে লগতে কয় যে তেওঁক ৰাজনৈতিকভাবে ধ্বংস কৰিব বিচাৰিছে ৷ আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে কৰা এই অপবাদৰ বিৰুদ্ধে সংশ্লিষ্ট সংস্থা তথা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰতা গ্ৰহণ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে ৷ কাৰ উপৰত গোচৰ তৰা হ’ব বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলে কয় যে, তেওঁৰ এজন বন্ধু আৰু বন্ধুৰ চেনেলৰ লগতে হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ তৰিব ৷

Leave A Reply